নাছাই সংগ্ৰহ কৰিলে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ ফটো
৭ জুনত জুনো মহাকাশযানে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ পৃষ্ঠৰ ৬৪৫ মাইল (১,০৩৮ কিল’মিটাৰ)ৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু জুনোকেম ইমেজাৰৰ পৰা আৰু ইয়াৰ ষ্টেলাৰ ৰেফাৰেন্স ইউনিট ষ্টাৰ কেমেৰাৰ (Stellar Reference Unit star camera) সহযোগত দুখন ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক
ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰথম সৌৰ অভিযান আদিত্য এল-১(Aditya L-1) আৰম্ভ কৰিব । ৱেব ইণ্টাৰফেচৰ জৰিয়তে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ এটা সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াক উত্তৰাখণ্ডৰ নাইনিতালৰ আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানত(ARIES) স্থাপন কৰা হৈছে ।
25 বছৰৰ পাচত সাক্ষাৎ মাতৃ-পুত্ৰৰ
25 বছৰে মাতৃৰ খা-খবৰ নোলোৱা পুত্ৰই অৱশেষত শেষ ইচ্ছা পূৰণ কৰিলে 95 বছৰীয়াৰ মাতৃৰ ৷ চামেলি পুৰকায়স্থ নামৰ মহিলাগৰাকীৰ পুত্ৰ ৰঞ্জিত পুৰকায়স্থই অৱশেষত শেষ ইচ্ছা পূৰণ কৰিলে মাতৃৰ ৷ এই ঘটনা পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত সোনাখিৰাৰ ৷
যোৰাবাটত বিদ্যুৎ সংমণ্ডলৰ কামৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই
দায়িত্বভাৰ লৈয়ে অধিক তৎপৰ হৈ পৰিছে সাংস্কৃতিক, ক্ৰীড়া তথা শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা । নিজে পৰিদৰ্শন কৰি বিভাগীয় কাম-কাজৰ বুজ লোৱা দেখা গৈছে মন্ত্ৰী বৰাক ৷ শেহতীয়াকৈ যোৰাবাটৰ সৰুতাৰিত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা ৷
ত্ৰিপুৰা কেবিনেট: সপ্তাহত দিয়া হ'ব MGNREGAৰ মজুৰি
এমজিএনৰেগা (MGNREGA)ৰ মজুৰি পৰিশোধৰ সময়ৰ কিছু সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ত্ৰিপুৰা মন্ত্ৰীসভাৰ বৈঠকত । মজুৰি সাপ্তাহিক হিচাপত পৰিশোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যদি কোনো সমস্যাৰ উদ্ভৱ হয় ১৫ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব মজুৰি ।
বিশিষ্ট লেখক ড° ৰোহিণী কুমাৰ বৰুৱা আৰু নাই
ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তিৰ পিছত অসমে হেৰুৱালে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, লেখক তথা চিন্তাবিদ ড° ৰোহিণী কুমাৰ বৰুৱাক ৷ ড° বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
কৰ’ণা মহামাৰীয়ে সলনি কৰিছে ত্ৰিপুৰাৰ ৰিক্সাচালকৰ জীৱন
ক’ভিড সৃষ্ট পৰিৱেশে মোক্ষম আঘাত হানিছে আগৰতলাৰ ৰিক্সা চালকসকলৰ ওপৰত ৷ দৈনিক ৭০০ ৰ পৰা ১,০০০ টকালৈকে উপাৰ্জন কৰা ৰিক্সাচালকসকল এতিয়া ঘৰলৈ উভতি যাওঁতে পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী গোটোৱাৰ বাবেও চিন্তাত পৰিছে ৷
আছুৰ নামত ভাবুকিৰ অভিযোগত সংগঠনৰ পৰা বহিস্কৃত সদস্য
ঘৰৰ ভাড়া আদায় কৰিব যোৱা মালিকক আছুৰ নাম লৈ ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ শিক্ষানগৰী পাঠশালাৰ এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপিত হৈছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোট (Bhattadev University AASU unit) ৰ প্ৰাক্তন সভাপতি তথা ভট্টদেৱ বিশ্ববিদ্যালয় (Bhattadev University) ৰ বিজ্ঞান শাখাৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ অঞ্জনজ্যোতি নাথৰ বিৰুদ্ধে ।
হোজাইৰ উচ্ছেদিত লোকৰ কাষত আমছু নেতৃবৰ্গ
দেওবাৰে হোজাইৰ কাকীত তিনি হাজাৰ বিঘা ভূমিত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান ৷ পৰৱৰ্তী সময়ত উচ্ছেদিত লোকসকলে খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হোৱাত এই লোকসকলৰ ওচৰত মঙলবাৰে উপস্থিত হয় আমছুৰ হোজাই জিলা সমিতিৰ এটা দল ৷
ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও
চিৰাঙৰ আই নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে চিদলী বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদাৰপুৰ, ডাবাবিল, নাথুৰবাৰীকে আদি কৰি বহু কেইখন গাঁৱৰ পথ ভাঙি যোৱাৰ লগতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে কেইবাখনো দলং ৷