ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ বাতৰি - top 10 at 3pm

3 বজাৰ দহটা শীৰ্ষ বাতৰি

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 23, 2021, 3:00 PM IST

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

বিজেপিৰ সংকল্প পত্ৰত পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা আছে ৷ বিগত পাঁচ বছৰত বিজেপি চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ সক্ষম হৈছে ৷ জাতি-মাটি-ভেটি ৰক্ষাৰ লক্ষ্যত আমি উপনীত হৈছো ৷ অসমৰ সংস্কৃতি-সভ্যতা ৰক্ষা কৰাটো আমাৰ সংকল্প ৷ ৰাজ্যখনৰ গতিশীল উন্নয়নক আৰু অধিক আগুৱাই নিয়াৰ বাবে আমি সাজু হৈছো ৷ 10 টা সংকল্পৰে মঙলবাৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

চিৰাঙৰ বৰতালোৱাত নিৰ্বাচনী আচৰণ বিধি উলংঘা

চিৰাঙৰ বৰতালোৱাত উলংঘা হৈছে নিৰ্বাচনী আচৰণ বিধি ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি কৰা স্বতেও বৰ্তমানেও আঁতৰ নহ’ল মন্ত্ৰীৰ ফটো সম্বলিত বেনা-পোষ্টাৰ ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰতালোৱা বজাৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ ফটো সম্বলিত স্বচ্ছ ভাৰত অভিযানৰ পোষ্টাৰ আজিও ওলমি ৰৈছে ৷

তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা

২২নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী হীৰা দেৱীৰ হৈ ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱে চলায় নিৰ্বাচনী প্ৰচাৰ ৷

শিলচৰত প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

মঙলবাৰে শিলচৰত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তিনিটাকৈ সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ ৷ শিলচৰ, বৰখলা আৰু উধাৰবন্দত চলাব নিৰ্বাচনী প্ৰচাৰ ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰিব অসম জাতীয় পৰিষদে

মৰাণ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ ৷ সংবাদমেল আযোজন কৰি এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷

ঝুমুৰ নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ মহাজোঁটৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

ৰহমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছক সমালোচনা কৰাৰ পিছতে লোহোৱালৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে উভতি ধৰে মুখ্যমন্ত্ৰীক । কংগ্ৰেছ প্ৰাৰ্থী জনে কয়, বিজেপিয়ে ধৰ্ম আৰু জাতিৰ নামত বিভাজন অনাৰ ৰাজনীতি কৰিছে । নিজৰ গৃহ পঞ্চায়ত ৰহমৰীয়াত কিমানটা ৰাস্তা-ঘাট নিৰ্মাণ কৰিলে তাক মুখ্যমন্ত্ৰীয়ে উত্থাপন নকৰিলে । ৰহমৰীয়াৰ গৰাখনীয়া কিমান কিলোমিটাৰ ৰোধ কৰিলে, 'কা' আন্দোলনৰ সময়ত ৰহমৰীয়াৰ ৪০ জন যুৱকে কিয় কাৰাবাস খাটিব লগা হৈছিল তাক লৈ উভতি ধৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ।

সৰ্বানন্দ সোণোৱালৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে জনপ্ৰিয় অভিনেতা যতীন বৰাই । নামনি মাজুলীৰ বহু কেইখন গাঁৱত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলায় অভিনেতাজনে ।

পাটাছাৰকুছিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে । তাৰ সমান্তৰালকৈ নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদেও বিভিন্ন সমষ্টিত নিজৰ ভেটি সৱল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আন সমষ্টিৰ সমান্তৰালকৈ পাটাছাৰকুছি সমষ্টিতো অজাপে শক্তিশালীকৈ থিয় হোৱাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে ৷ পাটাছাৰকুছিত অসম জাতীয় পৰিষদে আয়োজন কৰা যোগদান কাৰ্যসূচীত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰায় ৪৭ গৰাকী কৰ্মীয়ে দলৰ কাৰ্যবাহী সভাপতি পবিন্দ্ৰ ডেকাৰ উপস্থিতিত যোগদান কৰে ৷

নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত উদ্ধাৰ মাৰণাস্ত্ৰ

নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ মাজত বাক্সা জিলাত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ । ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত খাৰুৱাৰ ঘন জংঘলত নিশা বৰমা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে অভিযান চলাই গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এটা এম চিৰিজৰ ৰাইফল, এটা ৰিভ'লভাৰ, এটা মেগজিন আৰু ৪৬ জাই সজীৱ গুলী ৷

সম্পত্তি ধংসৰ বিৰুদ্ধে ত্ৰিপুৰা বিধানসভাত বিধেয়ক গৃহীত

সোমবাৰে ত্ৰিপুৰা বিধানসভাত গৃহীত হয় "ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ লোকচানৰ ক্ষতিপূৰণ বিধেয়ক 2021" ৷ বিৰোধী দল চিপিআইএমৰ প্ৰতিবাদৰ পাচতো গৃহীত হয় আইনখন ৷ এই আইনৰ জৰিয়তে কোনো হিংসাত্মক ঘটনাৰ সময়ত ৰাজহুৱা অথবা ব্যক্তিগত সম্পত্তি ক্ষতিগ্ৰস্ত হ'লে দুস্কৃতিকাৰীক দণ্ড বিহাৰ অধিকাৰ প্ৰদান কৰিব চৰকাৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.