ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত একজিট প’লত অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি সমীক্ষাত প্ৰকাশ পোৱাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত সোমাই আছে ৷
যুৱ সমাৰোহত অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই
দিনৰ 1 বজাত অনুষ্ঠিত হ’বলগীয়া সমাৰোহখনলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে টুইটযোগে আমন্ত্ৰণ জনোৱা পৰিলক্ষিত হৈছে ৷
কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
সোমবাৰে লখিমপুৰত উপস্থিত হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী । লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকী ।
জাহাজ হ’ব অসমৰ জাতীয় পৰিষদৰ প্ৰতীক ৷ এইবেলি নিৰ্বাচনত দলটোৱে জাহাজৰ প্ৰতীকত প্ৰতিদ্বন্দিতা কৰিব ৷
হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা
হিন্দু-মুছলমানৰ ভোট সন্দৰ্ভত ভুৱা প্ৰচাৰ সামাজিক মাধ্যমত ৷ হিন্দু ভোট কৰিমগঞ্জৰ কংগ্ৰেছক নেলাগে বুলি এটা ভুৱা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে কৰিমগঞ্জৰ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে শনিবাৰে 4 জন লোকৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷
নিৰ্বাচনৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন
নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 59 নং নলবাৰী বিধানসভা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ইয়াৰ বিপৰীতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ৬১ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ জিলাখনত মুঠ ৭৬৬ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷ ইয়াৰে নলবাৰী সমষ্টিত ২৯৫ টা প'লিং ষ্টেচন, বৰক্ষেত্ৰী সমষ্টিত ২৭৪ টা প'লিং ষ্টেচন আৰু ধৰ্মপুৰত ১৯৭ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৩ মাৰ্চত দিল্লীলৈ যাব অগপৰ নেতৃত্ব
৩ মাৰ্চত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসন ভাগ বাটোৱাৰাৰ বিষয়টোক লৈ আলোচনাত বহিব অগপ নেতৃত্ব । সেই আলোচনাত বিজেপিৰ ৰাজ্যিক নেতৃত্বও উপস্থিত থাকিব ।
ৰাইজে ৰাম মন্দিৰ নিৰ্মাণত সহায় কৰিছে: কৰ্ণাটকৰ গৃহমন্ত্ৰী
শনিবাৰে ৰাষ্ট্ৰধৰ্ম সংগঠনৰ দ্বাৰা আয়োজিত ৰামাধী মন্দিৰৰ পুঁজি সমৰ্পণ অভিযানত উপস্থিত থাকে কৰ্ণাটকৰ গৃহমন্ত্ৰী বসৱৰাজ ব’ম্মা ৷ মানুহে ৰাম মন্দিৰ নিৰ্মাণত নিষ্ঠাৰে সহায় কৰি আহিছে ৷ শ্ৰীৰামচন্দ্ৰ এগৰাকী মৰ্যদা সম্পন্ন পুৰুষোত্তম ব্যক্তি ৷ তেওঁৰ জন্ম স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো আমাৰ ভাগ্য বুলি মন্তব্য কৰে কৰ্ণাটকৰ গৃহমন্ত্ৰী গৰাকীয়ে ৷
ISRO য়ে উৎক্ষেপণ কৰিলে PSLV C51
দেওবাৰে Polar Satellite Launch Vehicle (PSLV) C51 উৎক্ষেপণ কৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে ৷ এই PSLV C51 ব্ৰাজিলৰ Amazonia-1, 18 আৰু অন্যান্য কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছে ৷
গুজৰাট বাজেট ম'বাইল এপ্লিকেচন মুকলি
চৰকাৰী বিষয়া, বিধায়ক তথা অন্যান্য নাগৰিকসকলক বাজেটৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে গুজৰাট চৰকাৰে আৰম্ভ কৰিলে 'গুজৰাট বাজেট' নামৰ এটি ম'বাইল এপ্লিকেচন ৷ শুকুৰবাৰে গুজৰাট চৰকাৰে এই ম'বাইল এপ্লিকেচনটো আৰম্ভ কৰে ৷