ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - বৰাকৰ মিনি সচিবালয়

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 3pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 27, 2021, 3:13 PM IST

মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

মুখ্যমন্ত্ৰী সোণোৱালে উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয় ৷ ভাৰ্চুৱেল মাধ্যমেৰে সচিবালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটীৰ পৰাই মুখ্যমন্ত্ৰী সোণোৱালে উদ্বোধন কৰিলে শিলচৰস্থিত এই মিনি সচিবালয় ৷

বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ

বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ ৷ শনিবাৰে পুৱা নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নেত্ৰী গৰাকীক ৷

500 ফুট দলীয় পোষ্টাৰেৰে চমক সৃষ্টি হাজোত

শনিবাৰৰ পৰা হাজোত ধাৰাবাহিকভাৱে হাতত লোৱা হৈছে নিৰ্বাচনী কাৰ্যসূচী ৷ হাজাৰ হাজাৰ দলীয় সমৰ্থক কৰ্মীক লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে দুলু আহমেদে ৷ 500 ফুট দলীয়া পোষ্টাৰে চমক সৃষ্টি কৰিছে হাজোত ৷ হাজোৰ পদপথত অসম জাতীয় পৰিষদৰ সমৰ্থকে উলিয়াইছে পদ যাত্ৰাৰ কাৰ্যসূচী ৷

আমিনগাঁৱত চিলাৰায়ক সোঁৱৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ

আমিনগাঁৱত মহাবীৰ চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তীৰ আয়োজন ৷ অনুষ্ঠানত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত আমিনগাঁও চিলাৰায় উদ্যানত আয়োজন কৰা হৈছে চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তীৰ ৷

অসমত বিজেপি দলে ১০০+ আসন দখল কৰিব: ৰঞ্জিত দত্ত

অসমত পুনৰ বিজেপি চৰকাৰ হ'ব । অসমত বিজেপি দলে ১০০ ৰো ওপৰত আসন দখল কৰি পুনৰ ২০২১ ত বিজেপিয়ে চৰকাৰ গঠন কৰিব । নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দত্তৰ ।
১ মাৰ্চৰ পৰা ৰাজ্যত বাধ্যতামূলক কৰ’ণাৰ পৰীক্ষা

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰে'ল ষ্টেচন আৰু বিমানবন্দৰত পুনৰ বাধ্যতামূলক কৰা হৈছে কৰ’ণাৰ পৰীক্ষা ৷ এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা ৷

ডিজিটেল হোৱাৰ পথত অসম বিধানসভা

দেশৰ সকলো বিধানসভা ডিজিটেল কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অসম বিধানসভাকো ডিজিটেল কৰি তুলিব খোজা হৈছে । ইয়াৰ বাবে ব্যয় হ'ব প্ৰায় ৭৫০ কোটি টকা । অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক অধ্যক্ষ আৰু আন ছখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষক সদস্যকলৈ গঠন কৰা সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে লোকসভাৰ অধ্যক্ষৰ হাতত

বৰচলা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত কংগ্ৰেছ সভাপতি ৰিপুণ বৰা !

শোণিতপুৰ জিলাৰ ৭২ নং বৰচলা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত নাম সাঙোৰ খাই পৰিছে স্বয়ং কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ 2016 চনত সমষ্টিটো মাত্ৰ এবাৰৰ বাবে বিজেপিৰ দখললৈ যায় ৷ ইয়াৰ পূৰ্বে সমষ্টিটো কংগ্ৰেছৰ অধীনত আছিল ।

বিজেপিৰ লগত মিত্ৰতা কৰাটো সম্ভৱ নহয়: হাগ্ৰামা মহিলাৰী

ওদালগুৰিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক ৷ আগন্তুক নিৰ্বাচন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বাক্যবাণ বিজেপি চৰকাৰলৈ ৷

সংবাদকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ: নিৰ্বাচনী বিষয়াক বদলিৰ দাবী

কলিয়াবৰৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ তলতীয়া কৰ্মচাৰীৰ পাছতে এইবাৰ সংবাদকৰ্মী সকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ নিৰ্বাচনী বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ বিষয়া গৰাকীক বদলিৰ বাবে সংশ্লিষ্ট বিভাগক 72 ঘণ্টা সময় দিছে সংবাদকৰ্মীসকলে ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংবাদকৰ্মীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.