ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 3PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 3PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 28, 2020, 3:16 PM IST

আমগুৰিত জলবন্দী তিনিশ পৰিয়াল

ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰূপহীমুখত জলবন্দী তিনিশটা পৰিয়াল ৷ ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পাই থকাত নিতৌ বানে প্লাৱিত কৰিছে ন ন অঞ্চল । দেওবাৰে পুৱাৰে পৰা প্লাৱিত হৈছে দিখৌমুখৰ এক বৃহত্তৰ অঞ্চল ।

তেলেংগানাত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

সম্প্ৰতি সমগ্ৰ দেশতে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । শনিবাৰে তেলেংগানাত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যাই মধ্য প্ৰদেশ আৰু হাৰিয়ানাৰ মাত্ৰাক চেৰ পেলাই ১৩,০০০ অতিক্ৰম কৰে । ১৩,৪৩৬ জনৰ সৈতে তেলেংগানা অধিকাংশ আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত ৮ নম্বৰ স্থানত আছে বুলি জানিব পৰা গৈছে ।

তিনিচুকীয়াত বানপীড়িতক সহায়ৰ হাত জিলা পৰিষদৰ সভাপতিৰ

তিনিচুকীয়া জিলাৰ ভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপিড়ীতৰ সমস্যাৰ বুজ লয় তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে ৷ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শৰনাৰ্থী সকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে সভাপতি গৰাকীয়ে ৷

চাৰিদিনৰ অন্তত উদ্ধাৰ নাও দুৰ্ঘটনাত নিখোজ কিশোৰীৰ মৃতদেহ

অৱশেষত চাৰিদিনৰ অন্তত দেওবাৰে উদ্ধাৰ হয় জোনাই নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা যুৱতীগৰাকীৰ মৃতদেহ ৷ ঘটনাস্থলীৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগৰ পৰা উদ্ধাৰ কৰা হয় ৰশ্মি দেউৰীৰ মৃতদেহটো ৷ বিগত চাৰিদিনে SDRF বাহিনীৰ লগতে স্থানীয় ৰাইজে ৰশ্মিৰ সন্ধান কৰি আছিল যদিও চিৰাপুৰীয়া পথাৰৰ একাংশ লোকে খৰি বিচাৰি আহি মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

ভাৰাতীয়া বাহনেৰে প্ৰশাসনে ঘৰত থৈ গ'ল কৰ'ণা ৰোগীক

বিগত ১৭ জুনত কোভিডত আক্ৰান্ত বুলি নলবাৰীৰ স্বাস্থ্য বিভাগ,আৰক্ষী,চক্ৰ বিষয়াকে ধৰি বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াই বালিজাৰৰ ৰাহেমা বেগম নামৰ মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাজনিত কাৰণত লৈ যায় ৷ কিন্তু এসপ্তাহৰ ভিতৰতে মাত্ৰ দুটা পৰীক্ষা কৰাৰ অন্তত ভাড়াতীয়া বাহনেৰে দেওবাৰে ঘৰত থৈ যায় ৰোগী গৰাকীক ৷ উক্ত ঘটনাৰ পিছতে অঞ্চলব্যাপী সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

কোভিড-১৯ আক্ৰান্ত দেশৰ তালিকাত ১২ নং স্থানত পাকিস্তান

পাকিস্তানত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৪,০৯৮ গৰাকী লোক মৃত্যুমুখত পৰিছে । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰখনত ৫০০০ গৰাকীৰো অধিক স্বাস্থ্য কৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে ।

কৰ্তব্যত হেমাহি: কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ চাৰি কৰ্মচাৰীক নিলম্বন

কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা যোৱা 20 জুনত তিনিজনকৈ কাৰাবন্দী পলায়ন কৰিছিল ৷ কাৰাবন্দী কেইজনৰ পলায়নৰ সময়ত কৰ্তব্য নিয়োজিত থকা চাৰি গৰাকী লোকক কৰ্তব্যত হেমাহিৰ অভিযোগত সম্প্ৰতি নিলম্বিত কৰা হৈছে ৷

উপযুক্ত ঠাইৰ অভাৱত নাৱতে সৎকাৰ মহিলাৰ মৃতদেহ

ডিব্ৰুগড় জিলাৰ চাবুৱাত অপৰিৱৰ্তিত আছে বানৰ বিধ্বংসী ৰূপ ৷ উপযুক্ত ঠাইৰ অভাৱত প্ৰায় 45 বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে নাৱত ৷

লক ডাউনৰ মাজতে তেলেংগানাত ২০৪ খন বাল্য-বিবাহ

লক ডাউনৰ মাজতে বিগত তিনি মাহত তেলেংগানাত ২০৪ খন বাল্য-বিবাহৰ ঘটনা সংঘটিত হয় বুলি সদৰি কৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ।

কোভিড আৰোগ্য কেন্দ্ৰলৈ সহায় প্ৰদান ভাৰতীয় ৰে'লৰ

দিল্লীৰ চট্টৰপুৰ ৰাধা স্বামী ব্যাসত নিৰ্মাণ কৰা COVID-19কেয়াৰ চেণ্টাৰত শনিবাৰে ৩০,০০০ খন বিচনা চাদৰ আৰু গাৰুৰ কোভাৰ প্ৰদান কৰে ভাৰতীয় ৰে'ল বিভাগে । শনিবাৰে এই কথা সদৰি কৰে গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.