কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
পি এম কিষাণ যোজনাৰ হিতাধিকাৰীৰ তালিকা অতি সোনকালে ত্ৰুটি মুক্ত কৰাৰ নিৰ্দেশ । তিনি বছৰতকৈ অধিক কাল অতিবাহিত কৰা সকলো কৃষি সম্প্ৰসাৰণ বিষয়াক শীঘ্ৰে বদলিকৰণৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ ।
যোৰহাটত অসংযত অৱস্থাত উদ্ধাৰ মহিলা
যোৰহাটৰ তৰাজানত সংঘটিত হৈছে জঘন্য কাণ্ড ৷ বিবস্ত্ৰা অৱস্থাত যোৰহাটৰ ৰাজপথত হাবাথুৰি খাই ঘূৰি ফুৰা দেখা গ’ল ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলা ৷ এই ঘৃণনীয় কাণ্ড সংঘটিত কৰা দুজন ৰিক্সা চালকক যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
কাষ্টিং পৰিচালক চেহেৰ আলি লতিফৰ মৃত্যু
'দ্য লাঞ্চবক্স' (The Lunchbox) আৰু 'দুৰ্গামতী'ৰ দৰে চলচ্চিত্ৰৰ কাষ্টিং পৰিচালক চেহেৰ আলি লতিফৰ সোমবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁৰ সহযোগী আৰু পৰিচালক নীৰজ উধৱানীয়ে এই কথা সদৰী কৰে । মৃত্যুৰ সময়ত কাষ্টিং পৰিচালকগৰাকীৰ বয়স আছিল ৪০ বছৰ ।
অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত বন বিভাগ
ৰাজ্যত নতুন চৰকাৰ শাসনলৈ অহাৰ পিছতেই শেহতীয়াকৈ আৰক্ষী প্ৰশাসন তথা বন বিভাগ কঠোৰ হৈ পৰিছে অবৈধ ভূমি বেদখলকাৰীসকলৰ বিৰূদ্ধে ৷ কৰিমগঞ্জত শেহতীয়াকৈ ইটোৰ পিছত সিটো উচ্ছেদ অভিযান চলালে বন বিভাগে ৷
বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ
ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ উপ সংমণ্ডলৰ স্থানীয় চিপিআইএম (cpim)নেতা আৰু তেওঁলোকৰ দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ত্ৰিপুৰাৰ খাদ্যমন্ত্ৰী মনোজ কান্তি দেৱ আৰু স্থানীয় বিজেপি নেতাৰ বিৰুদ্ধে । এক প্ৰেছ বিবৃতিযোগে খাদ্যমন্ত্ৰী আৰু তেওঁৰ সমষ্টিৰ মণ্ডল সভাপতি শ্যামল পলৰ বিৰুদ্ধে দলীয় কাৰ্যালয় আৰু তেওঁলোকৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰিছে চিপিআই(এম) দলে ।
বাক্সাত আৰক্ষীৰ জালত দুজন ড্ৰাগছ সৰবৰাহকাৰী
বাক্সা জিলাৰ শালবাৰীত সোমবাৰে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰী দুজনৰ এজন পূব ছাফাকামাৰৰ পুলক নাথ আৰু আনজন বৰপেটাৰোড থানাৰ অন্তৰ্গত হটাপাৰাৰ অনছুমা দৈমাৰী বুলি জানিব পৰা গৈছে ৷ গোৱৰ্ধনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ।
গোৱালপাৰা আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ
অসম আৰক্ষীয়ে শেহতীয়াকৈ অপৰাধ নিয়ন্ত্ৰণৰ বাবে উঠি পৰি লাগিছে ৷ এনে সময়তে গোৱালপাৰাৰ দুধনৈ আৰক্ষীয়ে লাভ কৰিলে সফলতা । শেহতীয়াকৈ দুধনৈ আৰু ৰংজুলি আৰক্ষীৰ যুটীয়া অভিযানত কেইবাখনো বাইকসহ ৫ জনকৈ বাইক চোৰক গ্ৰেপ্তাৰ কৰা হয় ।
ছয়গাঁৱৰ লাৰুৱাজানত আৰক্ষীৰ জালত বাইক চোৰ
সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত দক্ষিণ লাৰুৱাজানৰ পৰা দুখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে দুটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাইক চোৰ দুটা ক্ৰমে দক্ষিণ লাৰুৱাজানৰ চিদ্দিক আলী আৰু শুকুৰ আলী ৷
কুখ্যাত অপৰাধীৰ ৰাজাক গ্ৰেপ্তাৰৰ পাচতে পোহৰৈ আহিছে ন ন তথ্য !
এজন কুখ্যাত অপৰাধীৰ গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য। এসময়ৰ মৰিগাঁও আৰক্ষী অতিথিশালাৰ অতিথি এতিয়া ৰঙাঘৰৰ আলহী । তাজনুৰ ওৰফে ৰাজা নামৰ অপৰাধীজন নগাঁও আৰক্ষীৰ জালত পৰাৰ পিছতেই বুকু কঁপিছে এগৰাকী আৰক্ষী বিষয়াৰ। কিন্তু কিয় ? চাওঁক আমাৰ এই প্ৰতিবেদন...
খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ
খহনীয়াই মাজুলীবাসীৰ ঘৰ-মাটিলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ তত্বাৱধানত থকা টি কে কোম্পানীয়ে বিগত বছৰসমূহত খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাত চিন্তিত হৈ পৰিছে মাজুলীবাসী ৷