ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি... - বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP 10 AT 3 PM
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : May 13, 2021, 3:02 PM IST

মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচত পোন প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । কেইবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈছে মাজুলীত ।

বিশ্বনাথত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংঘালৰ

ক'ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে বিশ্বনাথৰ জিলা উপায়ুক্তৰ সভাকক্ষত উপস্থিত হয় অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল ।

পৱিত্ৰ ঈদ-উল-ফিটৰক লৈ ৰঙাপৰাত নাই পূৰ্ৱৰ উৎসাহ

শুকুৰবাৰে পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ কিন্তু ৰঙাপৰাৰ জামে মছজিদত নিমাওমাও পৰিৱেশ ৷ মছজিদৰ বিপৰীতে ইছলাম ধৰ্মলম্বীসকলে বাসগৃহতে পঢ়িব পৱিত্ৰ ঈদৰ নামাজ ৷

নতুন ক’ভিড নীতিঅনুসৰি অস্থায়ী ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিলে মৰাণ প্ৰশাসনে

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা । প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক

বৃহস্পতিবাৰে সোণাৰিত গ্ৰেণেডসহ আটক এজন নগা যুৱক । ভাৰতীয় সেনাৰ তহলদাৰী গোটে নামতোলাত আটক কৰে যুৱকজনক ৷ যুৱকজনক জেৰা কৰি আৰক্ষীৰ সোধ-পোচ আৰম্ভ ৷

নলবাৰীত ক’ভিড পৰিস্থিতিৰ বুজ লৈ কি ক’লে কেশৱ মহন্তই ?

বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ নলবাৰী অসামৰিক চিকিৎসালয়ত হঠাতে উপস্থিত হৈ চৰকাৰী চিকিৎসকৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকীয়ে ৷

নতুন ক’ভিড নীতিক লৈ কঠোৰ যোৰহাট প্ৰশাসন

12মে’ত ৰাজ্য চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি জাৰি কৰিছে নতুন নিৰ্দেশাৱলী ৷ ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ 13 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি, বিশেষকৈ যান-বাহন চলাচল কৰা ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিয়া হৈছে ।

চেনীকলৰ লোহা বেচি আঁঠু কাঢ়িলে চোৰে

চৰকাৰে বলবৎ কৰা সান্ধ্য আইনৰ মাজতে নগাঁৱৰ কামপুৰৰ তেতেলীসৰাত চোৰে চলালে ত্ৰাস ৷ কামপুৰৰ চেনীকলৰ পৰা লোহা চুৰি কৰি গাঁওৰক্ষী বাহিনীৰ হাতত ধৰা পৰিল দুই চোৰ ৷

২-১৮ বছৰৰ লোকৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধকৰ পৰীক্ষণত অনুমতি প্ৰদান

ভাৰত বায়'টেকে ২-১৮ বছৰৰ লোকৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণত অনুমতি প্ৰদান কৰিছে ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে । ৫২৫ জন স্বেচ্ছাসেৱক আগবাঢ়ি আহিছে এই পৰীক্ষাৰ বাবে ।

চলিত বৰ্ষত বিহাৰত কৰ’ণাত আক্ৰান্ত হৈ 40 গৰাকী নাৰ্চৰ মৃত্যু

বিহাৰ চিকিৎসা আৰু স্বাস্থ্য কৰ্মচাৰী সংস্থাই জনোৱা মতে, চলিত বৰ্ষত বৰ্তমানলৈকে ৰাজ্যখনৰ ভিন্ন চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত কৰ’ণাত আক্ৰান্ত হৈ 40 গৰাকীকৈ নাৰ্চৰ মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.