ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 14, 2020, 3:00 PM IST

উদ্ধাৰ হ'ল CISF ৰ জোৱান দেৱাশীষ দাসৰ মৃতদেহ

সোমবাৰে নৈত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ইপিনে দেৱাশীষৰ মৃতদেহ উদ্ধাৰৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখযোগ্য যে, যোৱা শনিবাৰে নিশা কামপুৰৰ তেতেলিসৰাৰ দেৱাশীষ দাস সহ কেইজনমান যুৱক একগোট হৈ আছিল ৷ তেনে সময়তে কামপুৰ আৰক্ষীৰ তহলদাৰী দল এটা আহি উপস্থিত হোৱাত আৰক্ষীৰ ভয়ত পলায়ন কৰিবলৈ যুৱক কেইজনে জাঁপ দিছিল নিশাৰী নদীত ।ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল চি আই এছ এফ ত কৰ্মৰত জোৱান দেৱাশীষ দাস ৷

হোজাইৰ দেৱস্থানত জালনোটসহ আটক অভিযুক্ত

জালনোটেৰে সমগ্ৰী ক্ৰয় কৰিবলৈ হোজাইৰ দেৱস্থানত আটক এজন অভিযুক্ত ৷ আটকাধীন জিয়া উদ্দিন নামৰ অভিযুক্ত জন পূৰ্বতেও নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল ৷

বলিউডৰ ‘মাল্টি টেলেণ্টেড’ আয়ুষ্মান খুৰানালৈ জন্মদিনৰ শুভেচ্ছা

আজি বলিউডৰ অভিনেতা আয়ুষ্মান খুৰানাৰ 36 সংখ্যক জন্মদিন ৷ বলিউডত ভৰি দিয়াৰ খুব কম সময়ৰ ভিতৰতে সফলতা অৰ্জন কৰা আয়ুষ্মান খুৰানাৰ প্ৰায়ভাগ ছবিয়েই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷

দাদৰ এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

নামনিমুৱা দাদৰ এক্সপ্ৰেছৰ পৰা দেওবাৰে নিশা বৰপেটাৰোড ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷

স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত বিশ্বনাথবাসী

কিছুদিনপূৰ্বে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত এখন অত্যাধুনিক সা-সুবিধাযুক্ত চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ কথা ঘোষণা কৰিছিল ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ঘোষণাত এতিয়া উৎফুল্লিত বিশ্বনাথবাসী ৷

এইবাৰ তিতাবৰত সহজ নহ'ব তৰুণ গগৈৰ নিৰ্বাচনী যুঁজ..

সমাগত বিধান সভা নিৰ্বাচন ৷ ইতিমধ্যে শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টী, প্ৰধান বিৰুধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ সকলো ৰাজনৈতিক দলকেই সমষ্টিয়ে-সমষ্টিয়ে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ এনেক্ষেত্ৰত ৰাজ্য খনৰ উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধান সভা সমষ্টিৰ সমূহৰ ভিতৰত এটা অন্যতম সমষ্টি হৈছে তিতাবৰ বিধানসভা সমষ্টি ।

লখিমপুৰত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ ক্ষোভ

লখিমপুৰ লালুক গাঁৱত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ সোমবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ তত্বাৱধানত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজু শইকীয়াই আস্থাৰ ভোট বিচাৰিব লাগিব বুলি দাবী জনায় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

অৱশেষত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰিলে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে । সোমবাৰে মহানগৰীৰ পাণবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেণ্টেলত সম্বোধন কৰা সংবাদমেলত দলটোৰ আহ্বায়কদ্বয় ক্ৰমে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু ড৹ বসন্ত ডেকাই ঘোষণা কৰে দলটোৰ নাম ।

ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰত্নত্তত্ব বিভাগে কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কেনেদৰে নিষ্ক্ৰীয় ভূমিকা পালন কৰিছে তাৰ এক উদাহৰণ দেখা পোৱা গ'ল গহপুৰত ৷ প্ৰত্নতত্ত্ব বিভাগৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি এলাগী হৈ ৰৈছে গহপুৰৰ দক্ষিণ কলাবাৰীত থকা আহোম ৰজাদিনীয়া কীৰ্তি চিহ্ন বাসুদেৱ দৌল ৷

গহপুৰত চত্ৰং নৈৰ বানে উটুৱাই নিলে বাসগৃহ

গহপুৰত চত্ৰং নৈৰ বানে চকুৰ পৰাচতে উটুৱাই নিলে এগৰাকী লোকৰ বাসগৃহ ৷ বিশ্বনাথ জিলাৰ গহপুৰৰ অন্তৰ্গত ভিন্ন অঞ্চলত বিগত কেইবাটাও দিনৰ পৰা চত্ৰং নৈৰ তাণ্ডৱ অব্যাহত আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.