ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Aug 11, 2020, 3:01 PM IST

Updated : Aug 11, 2020, 5:31 PM IST

গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা

উত্তৰ গোৱাৰ অন্যতম জিলা পেৰনেমত নিশা প্ৰায় 2.50 বজাত সংঘটিত উক্ত ঘটনাৰ ফলত সুৰংগটোৰ দেৱালৰ প্ৰায় পাঁচ মিটাৰ অংশ সম্পূৰ্ণৰূপে খহি যায় ৷ কোংকন ৰে’লৱে কৰ্প’ৰেশ্বন লিমিটেডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই পথেৰে ৰে’লৰ চলাচল বন্ধ ৰাখিছে ৷ এতিয়াৰে পৰা এই পথছোৱাৰে চলিবলগীয়া ৰে’লসমূহ লোণ্ডা হৈ চলাচল কৰিব ৷ কিন্তু কোনো ৰে’লৰ চলাচল বাতিল নকৰা বুলি লিমিটেডে প্ৰকাশ কৰে ৷

সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ

মহাপ্ৰয়াণ ঘটিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ ৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷

ভাৰতীয় জনতা পাৰ্টীৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভালঃ বিধায়ক ৰণজিৎ দাস

বিজেপিৰ 15 গৰাকী বিধায়কে টিকত নাপাব বুলি কোৱা কথাটো একেবাৰে ভিত্তিহীন বুলি মন্তব্য বিজেপি সভাপতি তথা বিধায়ক ৰণজিৎ দাসৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভাল ৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDF ৰ মাত্ৰ 10 গৰাকী বিধায়কৰ ৰিপ'ৰ্ট ভাল l

শিলাদিত্য দেৱ এজন পাগলৰ লগতে ছাগলী : প্ৰতিবাদকাৰী

ৰাজ্যজুৰি অব্যাহত বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বিজয়ী চৈয়দ আব্দুল মালিককলৈ কটো মন্তব্য কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ ৷

ক'ভিড-19 : 10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

COVID-19 মহামাৰী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে বৈঠকত মিলিত হ'ব দহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ,তামিলনাডু,পশ্চিমবংগ,পঞ্জাৱ,তেলেংগানা,মহাৰাষ্ট্ৰ,গুজৰাট,বিহাৰ আৰু কৰ্ণাটক ৷

জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী

কুপৱাড়াৰ লালপোৰা এলেকাত জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত এক অভিযান চলাই সেনাই আটক কৰে তিনি সন্ত্ৰাসবাদীক ৷ সন্ত্ৰাসবাদী কেইগৰাকীৰ পৰা সেনাই জব্দ কৰে মাৰণাস্ত্ৰৰ লগতে গুলী-বাৰুদ ৷

বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত শ্ৰীলংকাৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই কয় যে, দ্বীপ ৰাষ্ট্ৰখনক এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ বিদেশী শক্তি নহয়, দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ নতুন সংবিধানৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ৰক্তাক্ত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ বিজেপি নেতাৰ মৃতদেহ

বিজেপিৰ প্ৰাক্তন জিলা মুৰব্বী সঞ্জয় খোকৰক কোনো অচিনাক্ত দূৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ বাঘপটস্থিত নিজৰ ফাৰ্মৰ পৰা পুৱাৰ ভাগত খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী

কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী ৷ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিজু হকক ৷

ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড : ন্যায়ৰ দাবী সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ

ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিৰ হত্যাকাণ্ডই সমগ্ৰ বৰাক উপত্যকা উত্তেজিত কৰি তোলাৰ সময়তে ন্যায়ৰ দাবী কৰে সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনে ৷ এই সংগ্ৰামৰ অংশীদাৰ হ'বলৈ সকলো ৰাইজকে আহ্বান জনাই সংগঠনে ৷

Last Updated : Aug 11, 2020, 5:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.