মঙলদৈত 26000 মাস্ক বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ
বৃহস্পতিবাৰে মঙলদৈৰ কেবাখনো দোকান-প্ৰতিষ্ঠানৰ লগতে সমষ্টিবাসীৰ মাজত 26000 মাস্ক বিতৰণ কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷ মঙলদৈৰ কেবাটাও আত্ম সহায়ক গোটৰ পৰা মাস্কসমূহ কিনি সমষ্টিবাসীৰ মাজত বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে,বানৰ লগতে কৰ'ণা সন্ত্ৰাসৰ পৰা সমষ্টিবাসীক ৰক্ষা কৰিবলৈ চেষ্টা বাহাল ৰাখিছে বিধায়কগৰাকীয়ে ৷
ঘৰুৱা পৰ্যটকৰ বাবে মুকলি হ'ল পৰ্যটনস্থলী গোৱা
গোৱালৈ যোৱা পৰ্যটকসকলে হোটেল বুক কৰাৰ পূৰ্বে দেখুৱাব লাগিব ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই প্ৰদান কৰা কোভিড-১৯ নিগেটিভ চাৰ্টিফিকেট। যদি কোনো পৰ্যটকৰ লগত এই প্ৰমাণপত্ৰ নাথাকে তেন্তে তেওঁক কোভিড-১৯ পৰীক্ষাৰ বাবে অথবা আইছোলেশ্বন ৱাৰ্ডলৈ পঠিওৱা হ'ব বুলি পৰ্যটন বিভাগে প্ৰকাশ কৰে ।
ভাৰত-তিব্বতৰ সীমান্তৰ ২৮ গৰাকী আৰক্ষীৰ দেহত COVID-19
সমগ্ৰ দেশজুৰি ২৮ গৰাকী ভাৰত-তিব্বতৰ সীমান্তত থকা আৰক্ষীৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । তাৰ ভিতৰত ৬ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি হিমাচল প্ৰদেশৰ শিমলাস্থিত COVID-19ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োগ হৈ আছিল বুলি সদৰি কৰে আইটিবিপিৰ বিষয়াই ।
বিগত ২৪ ঘণ্টাত দেশজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি ২০,৯০৩ গৰাকী
শুকুৰবাৰে অৰ্থাৎ বিগত ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্ত হৈছে ২০,৯০৩ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৬,২৫,৫৪৪ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।
শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল
কোভিড ১৯ ৰোগৰ সন্ত্ৰাসৰ মাজত দেশৰ অৰ্থনৈতিক অৱস্থাৰ দুৰাৱস্থা হোৱাৰ লগতে সামাজিক দিশটো বিভিন্ন বেমেজালিয়ে দেখা দিছে । ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এই দিশসমূহ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰি কোভিড ১৯ ৰোগৰ আতংক বিয়পাই জনতাক বিপথে পৰিচালিত কৰিছে ।
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত ট্ৰেড ইউনিয়নৰ কৰ্মচাৰীসকলৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীৰ দলটোৱে ৷
কল বাগান স্থাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টাত ব্ৰতী এদল যুৱক
চৰকাৰী চাকৰিৰ আশা বাদ দি দক্ষিণ কামৰূপৰ কুলশী নলবাৰীৰ এদল যুৱকে আৰম্ভ কৰিছে এখন কলৰ বাগান ৷ দলটোৱে বাগানখন স্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ প্ৰচেষ্টা অব্য়াহত ৰখাৰ মাজতে পোহপাল দিবলৈ সমৰ্থ হৈছে প্ৰায় 150 টা পৰিয়ালক ৷
স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ
আমচৈত স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ ৷ স্বামী কৰ্ণ ডেকাৰ সৈতে কোনো কথাত তৰ্কা-তৰ্কিত লিপ্ত হয় পত্নী অল্পনা ডেকা ৷ লগে লগে কৰ্ণই পত্নীৰ ডিঙিত এখন দাৰে উপৰ্যুপৰি ঘাপ মাৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰে কৰ্ণ আৰু অল্পনাৰ একমাত্ৰ দহ বছৰীয়া পুত্ৰই ৷
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে গোৱালপাৰাৰ লক্ষীপুৰত প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টীৰ সদস্য সকলে ৷ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷
হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ
হাইলাকান্দিৰ গ্ৰামীণ অঞ্চলত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণৰত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰৰ ৷