ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jul 2, 2020, 3:19 PM IST

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নগাঁৱত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত খোদ স্বাস্থ্য কৰ্মীৰ ৷ সম্প্ৰতি বিভাগটোত কৰ্মৰত অস্থায়ী স্বাস্থ্য কৰ্মীক বঞ্চিত কৰি স্থায়ী নিযুক্তি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে স্বাস্থ্য কৰ্মীসকলে ৷ উক্ত প্ৰতিবাদত অংশ লয় জিলাখনৰ কোভিড চিকিৎসালয়ত কৰ্মৰত কৰ্মীসকলেও ৷

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

এম্বুলেঞ্চত ৰোগী নহয়,পাচলিৰ বেপাৰ

ম্বুলেঞ্চ সচৰাচৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় সেই বিষয়ে হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল এখন ব্যতিক্ৰমী এম্বুলেঞ্চ ৷ সেই ব্যতিক্ৰমী এম্বুলেঞ্চখনত ৰোগী নহয়, কঢ়িয়াইছে পাচলিহে ৷

চীনত ভাৰতীয় বাতৰিকাকত বন্ধ কৰাক লৈ ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া

ভাৰতত চীনৰ 59 টা এপ্লিকেশ্বন নিষিদ্ধ কৰাৰ প্ৰত্য়ুত্তৰত চীনে দেশখনত নিষিদ্ধ কৰে ভাৰতীয় বাতৰিকাকতৰ লগতে মিডিয়া ৱেবচাইটসমূহ ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিয়ে ৷

ডুমডুমাত আছুৱে দাহ কৰিলে ভূমিনীতি ২০২০ ৰ প্ৰতিলিপি

বৃহস্পতিবাৰে ৰাজ্যজুৰি খিলঞ্জীয়া বিৰোধী ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বুধবাৰে অসম চৰকাৰৰ কেবিনেটে এক বৈঠকত ভূমি নীতি ২০২০ প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

এতিয়াৰে পৰা দিল্লী-হাৱৰা ৰেলপথেৰে প্ৰতিঘণ্টাত ১৬০ কিঃমিঃ বেগেৰে চলিব ৰেল

ৰেলৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰেল বিভাগে । ইতিমধ্যে ইয়াৰ বাবে যাবতীয় কাম-কাজ আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ৰেলসমূহৰ গতি বৃদ্ধি হ'লে যাত্ৰীসকলে পূৰ্বৰ তুলনাত সোনকালে গন্তব্য স্থানত উপস্থিত হ'ব পাৰিব।

ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে

বৃহস্পতিবাৰে দুৰ্যোগ প্ৰশমণ বিভাগৰ শিৱসাগৰ জিলাৰ স্বেচ্ছাসেৱী সকলে শিৱসাগৰ পুখুৰীৰ পাৰ পৰিষ্কাৰ কৰাৰ লগতে বীজাণুমুক্ত কৰাৰ বাবে বিভিন্ন ৰাসায়নিক দ্ৰৱ্য ছটিয়াই।

সূৰ্যাবংশীৰ পৰা বাদ পৰিল নেকি কৰণ জোহৰৰ নাম?

পৰিচালক ৰোহিত শেট্টীৰ ছবি সূৰ্যাবংশীৰ পৰা কৰণ জোহৰৰ নাম বাদ পৰা বুলি ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত স্পষ্টীকৰণ দিলে ছবি সমালোচক তৰণ আদৰ্শে ৷ এই খবৰ সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰে ছবি সমালোচক গৰাকীয়ে ৷

উন্নয়নৰ প্ৰকৃত ছবি: মিছামাৰীত ৭৫ হাজাৰ টকীয়া বাঁহৰ দলং উদ্বোধন

তেজপুৰৰ মিছামাৰীৰ বেলশিৰি গাঁৱৰ ৰাইজৰ তৎপৰতাত মুকলি কৰা হৈছে 75 হাজাৰটকীয়া এখন বাঁহৰ দলং ৷ জন প্ৰতিনিধিৰ অৱহেলাৰ বাবে দলঙখন নিৰ্মাণ কৰিবলৈ বাধ্য হয় স্থানীয় ৰাইজে ৷ অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ বাবে জন প্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

তিনি কোটি মানুহক খাদ্য যোগান ধৰিব ৰবীন হুডে

ৰবীন হুড আৰ্মী নামৰ সংগঠনটোৱে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ 1 জুলাইৰ পৰা 15 আগষ্টলৈকে তিনি কোটি মানুহক অন্নৰ যোগান ধৰিব তেওঁলোকে ৷ কোনো সুহৃদয়ৱান লোকে তেওঁলোকক সহযোগ কৰিবৰ ইচ্ছা কৰিলে খাদ্য সামগ্ৰী যোগান ধৰি সহযোগ কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.