কাকপথাৰৰ 6 টাকৈ অসহায় শিশুক সহায়ৰ হাত বিধায়ক ভাস্কৰ শৰ্মাৰ
ভিন্ন সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱা কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ 6 টাকৈ পিতৃ-মাতৃহীন কণমানিৰ কৰুণ বাতৰিয়ে প্ৰভাভিৱ কৰিলে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক ৷ সোমবাৰে কণমানি কেইটিক সহায় প্ৰদানৰ বাবে আগবাঢ়ি আহিল বিধায়ক গৰাকী ৷
নলবাৰীত স্থানীয় লোকৰ তৎপৰতাত পথ মেৰামতি
জন প্ৰতিনিধিৰ অকৰ্মণ্যতাৰ বাবে নলবাৰীত এটা পথ মেৰামতি কৰিবলগীয়া হৈছে মাজদিয়া নিবাসী ৰাইজে ৷ বিগত সময়ছোৱাত প্ৰায় পাঁচবাৰকৈ বিধায়ক অশোক শৰ্মাক সাক্ষাৎ কৰি স্থানীয় ৰাইজে বিষয়টো অৱগত কৰিছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰিলে বিধায়কগৰাকীয়ে ৷ উপায়ন্তৰ স্থানীয় লোকসকলে দেওবাৰে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথচোৱা ৷
বলিয়া বানে বুৰালে মহাত্মা গান্ধী আদৰ্শ কোভিড 19 চিকিৎসালয়
বানৰ কবলত পৰিছে ধুবুৰীৰ বিলাসীপাৰাস্থিত মহাত্মা গান্ধী আদৰ্শ কোভিড 19 চিকিৎসালয় ৷ ফলত চিকিৎসাধীন হৈ থকা ৰোগীসকলক জিলা প্ৰশাসনৰ তৎপৰতাত স্থানান্তৰিত কৰা হৈছে মটেৰঝাৰ কোভিড 19 চিকিৎসালয়লৈ ৷
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ
কোভিড-১৯ সংকটৰ মাজতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কোভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশতে আৰ্থিক মন্দাৱস্তা চলি থকাৰ লগতে, হাজাৰ হাজাৰ লোক সংস্থাপনহীন হোৱা সময়তে বিগত ২১ দিনে কেন্দ্ৰীয় চৰকাৰে দেশত ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে খাৰুৱা তেলৰ মূল্য। পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰে কেন্দ্ৰই দেশৰ জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।
এস্পানিয়লক হৰুৱাই তালিকাৰ শীৰ্ষ স্থানত ৰিয়েল মাড্ৰিড
ৰিয়েল মাড্ৰিডে সোমবাৰে লা লিগাত এস্পানিয়লক ১-০ গলত পৰাস্ত কৰি লীগৰ শীৰ্ষ দুটা পইণ্ট দখল কৰে । খেলৰ আৰম্ভণি দুয়োটা ক্লাৱে অতি আক্ৰমণাত্মকভাৱে কৰে আৰু প্ৰথমটো সুযোগ গৃহ দলে লাভ কৰে ।
টকাৰ দিব নোৱাৰাৰ বাবে কৰিমগঞ্জত নিজ ভতিজাকে হত্যা কৰিলে খুড়াকক
কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ অন্তৰ্গত ছিংগাৰিয়াত নিজ ভতিজাকে হত্যা কৰিলে খুড়াকক ৷ টকা দিব নোৱাৰাৰ বাবেই সংঘটিত কৰে এই হত্য়া ৷
নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে খহিল পথ সংযোগী দলং
বিগত কেবাদিনে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীয়ে বিপদ মাতি আনিছিল খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা দলংখনলৈ ৷
খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক কংগ্ৰেছৰ সদস্য
পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীত আটক হ'ল দিল্লী প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী। বিগত ২১ দিনে দেশত ধাৰাবাহিকভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ থকাৰ বিৰুদ্ধে দিল্লীৰ আই পি কলেজৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দিল্লী প্ৰদেশ কংগ্ৰেছে।
ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও
অসমত অব্যাহত আছে বানৰ সংহাৰ ৷ সোমবাৰে পুৱা পৰ্যন্ত ৰাজ্যত বানত 20 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে 22 খন জিলাৰ 2,086 খন গাঁৱৰ 9,67,839 জন লোক ৷
সুশান্তৰ মৃত্যুৰ বাবে উদ্যোগটোৰ এটা শ্ৰেণীক দোষাৰূপ কৰাটো অনুচিতঃচনু চুড
অভিনেতা চনু চুড,যি ছবি উদ্যোগটোত নিজৰ এটা স্থান বনাবলৈ এটা দীঘলীয়া পথ অতিক্ৰম কৰি আহিছে ৷ সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৰ পিছত চলি থকা বাদ বিবাদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে অভিনেতা চনু চুডে ৷বলীউডৰ ইনচাইডাৰ বনাম আউটচাইডাৰ বিবাদখনলৈ লক্ষ্য কৰি অভিনেতাগৰাকীয়ে কয় যে, "কাৰোবাৰ মৃত্যুৰ বাবে এনেদৰে এটা শ্ৰেণীক দোষাৰূপ কৰাটো উচিত নহয় ৷"