ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ খবৰ

11 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP 10 AT 11PM
11 বজাৰ 10 টা শীৰ্ষ খবৰ
author img

By

Published : Oct 10, 2020, 10:58 AM IST

SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ

মূল অভিযুক্ত দিবন ডেকা, পি কে দত্ত, সুৰজ শৰ্মা আৰু বহুকেইজন ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পিছতেই শুকুৰবাৰে আন এজন ব্যক্তি ধৰা পৰিছে নলবাৰী আৰক্ষীৰ হাতত ৷

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷

জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ

জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ। শনিবাৰে পুৱতি নিশা পুঞ্চ জিলাৰ মানকোট ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত গুলীচালনা কৰে পাক সেনাই। এই আক্ৰমণত এগৰাকী মহিলা আহত। পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো কৰিলে গুলীচালনা।

কুলগাম সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুলগামত শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে

চীনৰ সৈতে আলোচনাৰ পূৰ্বে মিলিত হ’ল সামৰিক বিষয়া আৰু শীৰ্ষ ৰাজনৈতিক নেতা

চীনৰ সৈতে হ'বলগীয়া সপ্তমসংখ্যক আলোচনাৰ পূৰ্বেই শুকুৰবাৰ আলোচনাত মিলিত হয় দেশৰ শীৰ্ষ সামৰিক বিষয়াৰ এটি দল ৷ চীনৰ সৈতে হ'বলগীয়া আলোচনাৰ পূৰ্বে ৰণকৌশল প্ৰস্তুতিৰ পূৰ্বে ৰাজনৈতিক নেতাসকলৰ সৈতেও মিলিত হয় শীৰ্ষ সামৰিক বিষয়াৰ দলটোয়ে ৷

সামাজিক সৱলিকৰণৰ বাবে দায়বদ্ধ আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চঃ ৰৱি শংকৰ প্ৰসাদ

সামগ্ৰিক বিকাশ, সুশান আৰু সাধাৰণ নাগৰিকক সৱল কৰি তুলাত ‘ডিজিটেল ইণ্ডিয়া’ৰ সফলতাই ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সুবিধা লোৱাৰ ক্ষেত্ৰত নতুন বিশ্ব মানদণ্ডৰ সূচনা কৰিছে ৷ কেইবছৰমানৰ আগলৈকে যি ডিজিটেল প্ৰযুক্তি একমাত্ৰ সমৃদ্ধিশালী শ্ৰেণীটোৰ বিলাসিতাৰ আহিলা হিচাপে পৰিচিতি আছিল বৰ্তমান সেই ডিজিটেল প্ৰযুক্তিয়েই সৰ্বসাধাৰণৰ সহজলভ্য আহিলা হৈ পৰিছে ৷

অসমৰ ভূমি বেদখলত মিজোৰাম:কৰিমগঞ্জ জিলা প্ৰশাসনৰ উচ্ছেদ

জিলা উপায়ুক্তৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী আৰু বন কৰ্মীয়ে অসমৰ মাটিত থকা মিজো লোকৰ দখলকৃত ভূমিত কৰা খেতিৰ লগতে ধংস কৰিলে স্থাপন কৰা ঘৰ ৷

ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ

ক'ৰণা সংক্ৰমন ৰোধৰ বাবে শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৱে একেলগে পাঠ কৰিলে শপত বাক্য ৷ মৰিগাঁৱৰ এখন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে ল'লে এই পদক্ষেপ ৷ জিলাখনত ক'ভিড সংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

কৰিমগঞ্জৰ শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ

শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ কৰিমগঞ্জত সংঘটিত এই হত্যাকাণ্ডৰ 10 দিন অতিক্ৰম কৰাৰ পাছত এক অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সফল কৰিমগঞ্জ আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি সীমান্ত এলেকাৰ কোনো এক গোপন স্থানৰ পৰা ব্যক্তিজনক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷

শিলচৰত বেতনৰ দাবীৰে এছ এল আৰ এম কৰ্মচাৰীৰ প্ৰতিবাদ

শিলচৰত শুকুৰবাৰে এছ এল আৰ এমৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ ৷ 8 মাহ ধৰি বেতনৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে বেতনৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.