ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jul 5, 2021, 11:03 AM IST

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

সুলভ মূল্যৰ কেৰাচিন চুৰ কৰি আৰক্ষীৰ জালত সমবায় সমিতিৰ সচিব

দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীত চকু পৰিছে একাংশ দুষ্ট লোকৰ ৷ এই ধৰণৰ ঘটনা সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছে সমবায় সমিতিৰ সচিব ৷

আৰক্ষী বিষয়াৰ ঘৰত চোৰে চলালে হাত চাফাই

সধাৰণ জনতা নহয় এইবাৰ আৰক্ষী বিষয়াৰ ঘৰক লক্ষ্য কৰি লৈছে চোৰে ৷ পূৱ বিলাসীপাৰাৰ চাপৰত এগৰাকী আৰক্ষী বিষয়াৰ ঘৰত চোৰে অভিযান চলোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ চোৰ বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

শিৱসাগৰত অৰুণোদয় স্মাৰকৰ আধাৰশিলা স্থাপন

সংগ্ৰামী সেনা অসমৰ উদ্যোগত ঐতিহাসিক বৰপুখুৰীৰ পাৰত থকা ৰেভাৰেণ্ড ড৹ মাইলচ ব্ৰনচনৰ প্ৰতিমূৰ্তি থলীত দেওবাৰে শিলান্যাস কৰা হয় অসমৰ প্ৰথম খন সংবাদ পত্ৰ অৰুণোদয়ৰ স্মাৰকৰ ৷ এই শিলান্যাস কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন, ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

ৰাজ্যৰ চাহ উদ্যোগৰ বাবে উদগনি মূলক আঁচনি মুকলি

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিখন মুকলি কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাও উপস্থিত থাকে ।

কপিলী-বৰপানীৰ খহনীয়াই ভাবুকি মাতিছে কামপুৰলৈ

কপিলী নদীয়ে কামপুৰৰ বকুলগুৰিত আৰু বৰপানী নদীয়ে কচুৱা ৰমণী পথাৰত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । প্ৰতিজন বিধায়কে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু আজি পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কোনো এজন বিধায়কে । ফলত আতংকত দিন কটাইছে ৰাইজে ।

গুৱাহাটীত ড্ৰাগছ মাফিয়াক আৰক্ষীৰ Encounter

গুৱাহাটী আৰক্ষীয়ে বিৰুবাৰীৰ আৰ চি এম ষ্টোৰ নামৰ বৈদ্যুতিক সামগ্ৰীৰ দোকানত অভিযান চলাই অৰুণ যাদৱক গ্ৰেপ্তাৰ কৰে । দক্ষিণগাঁৱৰ পাহাৰত গাড়ী নিয়াৰ অসুবিধাৰ বাবে খোজকাঢ়ি যোৱাৰ সময়তে দেওবাৰে ধৃত ড্ৰাগছ মাফিয়া অৰুণ যাদৱে পলাবলৈ চেষ্টা কৰে । লগে লগে আৰক্ষীৰ দলে অৰুণ যাদৱ লৈ লক্ষ্য কৰি গুলী চালনা কৰে ।

জল-জীৱন মিছনৰ প্ৰথম পৰ্যায়ত ৩২৭৭ কোটিৰ কামৰ প্ৰশাসনিক অনুমোদন

বিশুদ্ধ খোৱা পানী অসমত আজিও এক বৃহৎ সমস্যা । এহাতে খোৱা পানীৰ অভাৱ আনহাতে কেইবাখনো জিলাৰ ভূ-গৰ্ভৰ পানীত আৰ্ছেনিক ফ্ল’ৰাইড আৰু আইৰণৰ অত্যাধিক অৱস্থিতিয়ে জনস্বাস্থ্যৰ প্ৰতি বিপদ মাতি আহিছে ।‌‌‌

মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি ক’লে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে

স্বাধীনোত্তৰ কালত প্ৰথমবাৰৰ বাবে দেওবাৰে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সৱলীকৰণৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বিশেষ অনুষ্ঠান "আলাপ আলোচনা" । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে ৰাজ্যৰ ১২৩ গৰাকী ধৰ্মীয় সংখ্যালঘু সমাজৰ বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে: ৰাজনাথ সিং

আউটাৰ ৰিং ৰোড আৰু ভিক্ট’ৰিয়া ষ্ট্ৰীট ফ্লাই অভাৰৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰিবলৈ লক্ষ্ণৌ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, জনসাধাৰণৰ আশীৰ্বাদৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে ।

আজি 'নিপুন ভাৰত' অভিযানৰ শুভাৰম্ভ

আজি আনুষ্ঠানিকভাৱে মুকলি হ'ব 'নিপুন ভাৰত' অভিযান ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই 'নিপুন ভাৰত' অভিযান ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সফল ৰূপায়নৰ বাবে লোৱা পদক্ষেপ হিচাপে মুকলি কৰা হৈছে এই অভিযান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.