ETV Bharat / state

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 11 PM

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 7, 2021, 11:01 AM IST

উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান

নিজৰ কৰ্তব্য একান্ত নিষ্ঠাৰে পালন কৰি ৰাষ্ট্ৰসংঘৰ এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী বন বিষয়াই । বনৰৌৰ অবৈধ বেহাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে উৰিষ্যাৰ বন বিষয়া সস্মিতা লেংকাই ।

দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

বিশ্বনাথৰ মধুপৰৰ সাপ্তাহিক বজাৰ আৰু বিশ্বনাথ মহকুমা চিকিৎসালয়ক সামৰি প্ৰায় 200 বিঘা মাটিত স্থাপন হ'ব প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ ৷ দেওবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঢেকিয়াজুলী জনসভাৰ পৰাই স্থাপন কৰিব আধাৰশিলা ৷

মোডীৰ অসম ভ্ৰমণক লৈ গঢ়ি তোলা বিশেষ বজাৰখন

অসমত আজি আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে ইয়াৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ঢেকীয়াজুলিৰ লগতে সমগ্ৰ শোণিতপুৰ জিলাত ৷

প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন ঘুৰাই পঠিয়ালে আটছাই

দেওবাৰে শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হ’বলগীয়া দলীয় সভালৈ যোৱাৰ ক্ষেত্ৰত চাহ বাগিচাৰ ৰাইজক বাধা প্ৰদান কৰাৰ উদ্দেশ্যৰে আটছাৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে ।

ঢেকিয়াজুলিত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

স্বাধীনতা আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নতুন ৰূপত সজাই তোলা হৈছে শ্বহীদ নগৰীখন । ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে তাৰবাবে সম্পূৰ্ণ কৰি তুলিছে ব্যাপক প্ৰস্তুতি ৷ মুঠতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্প্ৰতি সৰ্ম্পূণ সাজু হৈ উঠিছে ঢেকিয়াজুলিবাসী ৷

কলিয়াবৰত পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ b

কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । 2017 চনতে বানে উটুৱাই নিয়া কলং সুঁতিৰ ওপৰত নতুন দলঙৰ নিৰ্মাণকাৰ্যৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

ধুবুৰীতো উদ্বোধন স্বয়ম আঁচনি

শনিবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় অসম চৰকাৰৰ স্বয়ম আঁচনি ৷ এই আঁচনিৰ অধীনত ৰাজ্যৰ 665 টা আত্মসহায়ক গোটৰ 4923 জন হিতাধিকাৰীক প্ৰথম পৰ্যায়ত 30 হেজাৰ টকাৰ অনুদান অগবঢ়াইছে অসম চৰকাৰে ৷

ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত অসম দৰ্শন আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ দ্বাৰা ‌লাভ কৰা আৰ্থিক ‌অনুদানেৰে বিশুদ্ধ খোৱাপানীৰ যোগান ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত কুমাৰ বৰুৱাই ।

দেৱলাল গাৰ্লোচাৰ অপসাৰনৰ দাবী তীব্ৰতৰ কৰি তুলিছে প্ৰাক্তন বিধায়কে

শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকলৈ পুনৰ সৰৱ হৈ পৰে প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএম সমৰজিত হাফলংবাৰ ৷

কাৰ্বি আংলঙত দুদিনত দুটাকৈ পথ দুৰ্ঘটনা: এজন নিহত

শনিবাৰে নিশা মাঞ্জা থানাৰ অন্তর্গত লংনিটত এখন তীব্র বেগী এল্ট’ বাহনে পথৰ দাঁতিত ৰখাই থােৱা এখন অট’ৰিক্সাত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন লােক নিহত হয় । ডিফুৰ ৰে’লৱে কলনী নিবাসী উত্তম মজুমদাৰে দুই পুত্রৰ সৈতে নিজৰ এএছ ০৯ ১৫০৮ নম্বৰৰ অট’ৰিক্সাৰে আগন্তুক সৰস্বতী পূজাৰ বাবে ফলমূল সংগ্রহৰ বাবে গৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.