ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 17, 2022, 10:59 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷

‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য

শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত নৃশংস হত্যাকাণ্ড (Brutal murder in Sonitpur)৷ মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে পত্নীক ৷ কণমানি পুত্ৰৰ সমুখতেই মাতৃক হত্যা ৷

প্ৰতিকী ম’হযুঁজেৰে পৰম্পৰা ৰক্ষা শিৱসাগৰত

শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া পথাৰত পৰম্পৰা ৰক্ষা কৰি যুঁজোৱা হ’ল ম’হ (Buffalo fight in Sivsagar) ৷ ন্যায়ালয়ৰ ৰায়ক সন্মান জনায় জাপিসজীয়া গাঁওবাসীয়ে আমোদ ল’লে প্ৰতিকী ম’হ যুঁজৰ । বহু বছৰ পূৰ্বে জাপিসজীয়া পথাৰত প্ৰকৃত ম’হ যুঁজ হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ পিছতে প্ৰতিকী মহযুঁজ আৰম্ভ কৰে গাঁওখনৰ লোকসকলে (Symbolic Buffalo Fight in Sivsagar)।

জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ

আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prashad Agawala ) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় ভূঞাই এগৰাকী আৰক্ষী বিষয়াক ফোনযোগে দিয়া ভাবুকি আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াই বিধায়ক ভূঞাক দিয়া নীতিশিক্ষাৰ ফোন ৰেকৰ্ডিং ভাইৰেল (Amiya Kumar Bhuyan viral phone call) হোৱাৰ পিছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on MLA's viral phone call contorversy)

Assam State Zoo : দুপালি ভেকচিন ল’লেহে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত

এতিয়াৰে পৰা ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকেহে অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ (Assam state Zoo is open only for fully vaccinated people) কৰিব পাৰিব ৷ 15 জানুৱাৰীৰ পৰা বলৱৎ কৰা হৈছে এই নিয়ম ৷

কেৱল থানাৰ নহয়, সকলো দালালক গ্ৰেপ্তাৰ কৰিব লাগে: প্ৰমোদ বড়ো

চিৰাঙৰ ডাংতলত তিনি দিনীয়া ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই । আৰক্ষী থানাত থকা দালালক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱল থানা নহয় সকলো প্ৰকাৰৰ দালালক গ্ৰেপ্তাৰ কৰি দালাল মুক্ত অসম তথা দুৰ্নীতি মুক্ত অসম গঢ়াৰ পোষকতা কৰে বিটিচি প্ৰধান গৰাকীয়ে (Pramod Boro on arrest of illegal brokers) ।

চকুৰ আগতে ভাঙি চূৰমাৰ হ'ল কোটি টকীয়া দলং

হঠাৎ ভাঙি চূৰমাৰ হ'ল শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন দলং(Bridge broken in Sivasagar) ৷

ক'ভিড 19 ত আক্ৰান্ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

ক’ভিড-19 আক্ৰান্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাই ৷ দেওবাৰে ক’ভিড পৰীক্ষা কৰোৱাৰ পিছতে জ্যেষ্ঠ ৰাজনীতিকজন কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা যায় (Rajen Gohain tested covid positive) ৷

Anti Drugs Mission in Assam : ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ লগতে বঙাইগাঁও আৰু বৰপেটাৰোডত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.