ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 15, 2021, 11:00 AM IST

এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা

আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হ'ব বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা ৷ ঢকুৱাখনা, জামগুৰিহাট,বৰচলা আৰু শোণিতপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব নাড্ডাই ৷

আজি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব শিৱৰাজ সিং চৌহানে

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৷ আজি নাহৰকটীয়া, দুলিয়াজান আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব চৌহানে ৷

সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

কটু মন্তব্য কৰি বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ ৷

বিজেপিৰ মিচন ১০০+ সফল হ'ব: প্ৰদীপ হাজৰিকা

এতিয়া ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ ভাষণৰ ফুলজাৰিৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে প্ৰতিটো দলৰে প্ৰতিজন প্ৰাৰ্থীয়ে ৷ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে দিছপুৰ দখলৰ বাবে উঠি পৰি লাগিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷

নিজে লিখা কবিতাৰে যোৰহাটত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

দেওবাৰে যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় 20 কি:মি: পথ পদযাত্ৰা কৰি প্ৰচাৰৰ অন্তত নগৰৰ মাজ মজিয়াৰ ট্ৰাক ষ্টেণ্ডত সন্ধিয়া এক জনসভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজে লিখা কবিতা পাঠ কৰাৰ লগতে ২০২১ চনৰ এপ্ৰিল মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ছোৱালীক স্কুটি, ল'ৰাক বাইক দিয়া হ'ব বুলিও উল্লেখ কৰে ৷

নলবাৰীত আছু নেতাক আক্ৰমণ দূৰ্বৃত্তৰ

নলবাৰীৰ জাজিয়াবাৰীত ৩ আছু নেতাক আক্ৰমণৰ ঘটনা ৷ প্ৰায় ৮/১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ৩ আছু নেতাক। তামুলপুৰৰ পৰা আহি থকা অৱস্থাত খাতিকুছিত টেম্প' ভানত অহা দুৰ্বৃত্তৰ দলটোৱে আছু নেতাৰ বাহনখন আগভেটি ধৰি নেতা কেইজনক আক্ৰমণ কৰে ৷

দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুৎ বৰদলৈ

কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰাল ভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে মৰাণ সমষ্টিৰ গাতে লাগি থকা থাওৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

অসমৰ ৰাইজে ইতিমধ্যে বিজেপিক জয়ী কৰোৱাৰ সিদ্ধান্ত লৈছে : সোণোৱাল

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুণাকন বৰুৱাৰ হৈ চাবুৱাত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৷ অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ হ'লে বিজেপি চৰকাৰ প্ৰয়োজন আছে বুলি মন্তব্য সোণোৱালৰ ৷ বিনোদ হাজৰিকা, পুণাকন বৰুৱাক জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

নলবাৰীৰ অগপৰ জিলা মুখ্য কাৰ্যালয়ৰ বাকৰিত দেওবাৰে নলবাৰী সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মুকলি কৰে সাংসদ দিলীপ শইকীয়াই ৷

লাহোৱালত কংগ্ৰেছৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে লাহোৱাল বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনত জয়ী হ'বলৈ উঠি পৰি লগাৰ সময়তে সমষ্টিটোত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই গাঁৱসমূহৰ লগতে চাহ বাগিচাসমূহতো অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান । ৰাইজৰ সহযোগিতা লাভ কৰি শাসকীয় দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই আগন্তুক নিৰ্বাচনত পঞ্চাশ হেজাৰৰো অধিক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.