ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 14, 2021, 11:04 AM IST

আজি বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে

আজি বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ বিশ্বনাথৰ পিছতেই গহপুৰ আৰু দেৰগাঁৱতো জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

আজি ৰাজ্যত দুখনকৈ ৰাজহুৱা সভাত অংশ ল’ব অমিত শ্বাহে

আজি ৰাজ্যত দুখনকৈ ৰাজহুৱা সভাত অংশ ল’ব অমিত শ্বাহে ৷ মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা আৰু নাজিৰাত ময়ুৰ বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰীয়ে ৷

নিযুক্তিত সংস্কাৰ নহ'ল সোণোৱালৰ দিনত: নিৰ্বাচনত কি সিদ্ধান্ত ল'ব নিবনুৱাই ?

কেৱল কংগ্ৰেছৰ শাসনতে নহয়, দূৰ্নীতিৰ বিপৰীতে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া বিজেপিৰ শাসনতো প্ৰতাৰিত হৈছে অসমৰ নিবনুৱা সকল । শাসনৰ গাদীত বহাৰ আগতে বিজেপিৰ নেতৃত্বই নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত সেয়া ফুটুকাৰ ফেনত পৰিনত হ'ল । এতিয়া নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত প্ৰতিগৰাকী সচেতন লোকে উভটি চাইছে বিজেপি চৰকাৰে নিবনুৱা সমাজক কৰা প্ৰতাৰণাক ।

শিৱসাগৰত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ শনিবাৰে শিৱসাগৰত প্ৰচাৰ চলালে শীৰ্ষ বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । সাংসদ কামাখ্যা তাছা, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ জিলা সভাপতি ঘণ গগৈ, জিলা বিজেপিৰ সভাপতি পুতল গগৈ, প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী আদি উপস্থিত থাকে নিৰ্বাচনী সভাত ৷ শীৰ্ষ বিজেপি নেত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি পদুমত উঠি অহা লক্ষ্মীক আদৰি অনাৰ বাবে আহ্বান জনায় ।

বিটিআৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে !

বিজেপি-ইউপিপিএলৰ কেইবা গৰাকীও এমচিএলএই বিপিএফৰ সতে যোগাযোগ কৰি আছে, তেওঁলোকক লৈয়েই বিধানসভা নিৰ্বাচনৰ পিচত বিটিআৰ পৰিষদীয় চৰকাৰ গঠন কৰিম ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত বিপিএফৰ যুৱ কাৰ্যালয়ত শনিবাৰে নিশা আয়োজিত এক অভিভাৱক সভাত অংশগ্ৰহণ কৰি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে ৷

ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা

ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা ৷ দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত দলীয় অনুশাসন ভংগ কৰাৰ লগতে চূড়ান্ত অভব্য আচৰণৰ বাবে এক পত্ৰৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু ধেমাজি টাউন ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিক বহিস্কাৰৰ নিৰ্দেশ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৷

বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব: চন্দ্ৰ বৰুৱা

শনিবাৰে আমগুৰিত এখন সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ৷ সংবাদমেলত দুয়োটা দলৰে বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ লগতে অজাপ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী চন্দ্ৰ বৰুৱা উপস্থিত থাকে ৷ সংবাদমেলত চন্দ্ৰ বৰুৱাই কয়, আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে জাতীয়তাবাদক সমৰ্থন কৰিব ৷

টিংখাঙত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত

সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য। ব্যতিক্ৰম নহ'ল টিংখাঙৰ শলগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলো ৷ প্ৰায় শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত্যাগ কৰি যোগদান কৰিলে বিজেপি দলত।

কাছাৰত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছী নেতা জিতেন্দ্ৰ প্ৰধানে

শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কাছাৰত উপস্থিত হয় কংগ্ৰেছী নেতা জিতেন্দ্ৰ প্ৰধান ৷ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী তমালকান্তি বণিকৰ হৈ প্ৰচাৰ চলাব আহি জ্যেষ্ঠ নেতা গৰাকীয়ে "কংগ্ৰেছৰ ফাইভ গ্যেৰেন্টি" অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ আহ্বান জনায় সমষ্টিবাসীক ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আছুৰ বাইক ৰেলী

চিৰাজুলি, ঢেকীয়াজুলিৰ পৰা তেজপুৰ, বালিপৰা হৈ জামুগুৰিহাটলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.