নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ একাংশই ৰেল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোক সকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে ৷ আন একাংশই আকৌ বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে ৷
শ্ব’ৰ্ট চাৰ্কিটৰ ফলত যোৰহাটত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত এটা চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷
শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট.
প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বান-খহনীয়াই সৰ্বস্বান্ত কৰা এই অঞ্চলটোৰ লগতে স্থানীয় লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
বকোত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন
শুকুৰবাৰে দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে পালন কৰিলে শ্বহীদ দিৱস । শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ, নাম-প্ৰসংগ, জিকিৰ, সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আত্মাৰ সদগতি কামনা কৰে ৷
লাইকা-দধিয়াবাসীক সংস্থাপন: চিন্তিত ৰাইজ
1999 চনতেই বান বিধ্বস্ত লোকসকলক চৰকাৰে নামফাই অৰুণোদই সোণোৱাল গাঁৱত এক বিঘাকৈ মাটি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিছিল । ইয়াৰ পিছত বন বিভাগে এই লোকসকলক পৰিয়াল পোহপাল দিবৰ বাবে মৰা খাৰচাং আৰু নামচিক নৈৰ মাজত থকা টাপুত খেতি-বাতি কৰিবলৈ অনুমতি দিছিল । তেতিয়াৰে পৰা এই লোকসকলে নামফাই টাপুত বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও জীৱিকা নিৰ্বাহ কৰি আহিছিল ।
২১ বছৰে অসম্পূৰ্ণ তৰুণ সংঘৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য
21 বছৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ ন’হল ৰঙিয়াৰ কণিহাৰ তৰুণ সংঘৰ প্ৰেক্ষাগৃহ ৷ কোনো এখন চৰকাৰেই সম্পূৰ্ণ কৰিব নোৱাৰিলে এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ ২০১৮ চনত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ বাবে প্ৰায় ১ কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷
34 বছৰ বিনা বেতনে শিক্ষকতা কৰা সদ্য নিযুক্ত এজন শিক্ষকৰ বিয়োগ
ধুবুৰীৰ এম মাদ্ৰাছাৰ প্ৰধান শিক্ষক হজৰত আলীৰ মৃত্যু ৷ 34 টা বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱশেষত এক সপ্তাহ পূৰ্বে নিযুক্তি পত্ৰ পাই শিক্ষকৰ মৰ্যাদা লাভ কৰিছিল যদিও সেই সুখ ভোগ কৰিব নাপালে শিক্ষক গৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্ত চাপত ভুগি আছিল শিক্ষক হজৰত আলী ৷
কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত
শুকুৰবাৰে সদনত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট । আগন্তুক চাৰি মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল মন্ত্ৰী ড৹ শৰ্মাৰ ।
6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত
ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷
হাথৰছ কাণ্ডৰ দুই অভিযুক্তৰ জামিন আবেদন খাৰিজ
পুনৰ আদালতত মুখ থেকেচা খালে দেশ কঁপোৱা হাথৰছ কাণ্ডৰ অভিযুক্তই । হাথৰছ ঘটনাৰ দুই অভিযুক্ত ক্ৰমে ৰবি আৰু লবকুশৰ জামিন আবেদন খাৰিজ কৰে বিশেষ এছ চি/ এছ টি আদালতে ।