ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ সংবাদ - দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ সংবাদ

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ সংবাদ

top-10-at-1-pm
দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ সংবাদ
author img

By

Published : Jun 17, 2021, 1:05 PM IST

আজি ৰূপকোঁৱৰৰ 118 সংখ্যক ওপজাদিন

আজি 17 জুন ৷ অৰ্থাৎ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 118 তম জন্মবাৰ্ষিকী ৷ 1903 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত কিৰণময়ী আগৰৱালা আৰু পৰমানন্দ আগৰৱালাৰ ঘৰত জন্মলাভ কৰিছিল ৰূপকোঁৱৰে ৷

কোকৰাঝাৰৰ ধৰ্ষণ-হত্যাকাণ্ডৰ এজন অভিযুক্ত গুলীবিদ্ধ

অভয়াকুটিৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত ফৰিজুল ৰহমান গুলীবিদ্ধ ৷ আৰক্ষীক আক্ৰমণ কৰি বুধবাৰে নিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ফৰিজুল ৰহমান ৷

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

পুনৰ অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ শ্ৰমিকক

পুনৰ অৰুণাচলত নৃশংসভাৱে হত্যা কৰা হৈছে অসমৰ এজন শ্ৰমিকক ৷ দাৰে ঘপিয়াই দুৰ্বৃত্তই হত্যা কৰে নাওবৈচাৰ লালুকৰ আব্দুল ছালাম নামৰ লোকজনক ৷ অৰুণাচলৰ নাহৰলগুনত এটা নিৰ্মীয়মান ভৱনৰ চকীদাৰ হিচাপে কৰ্মৰত হৈ আছিল লোকজন ৷

প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান

প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ আৰক্ষী বিষয়া প্ৰদীপ শৰ্মাৰ আন্ধেৰীস্থিত বাসগৃহত অভিযান NIA ৰ ৷ এণ্টিলিয়াৰ বোমাতংকৰ গোচৰ(Antilia' bomb scare case) আৰু মনসুখ হীৰেণৰ হত্যাকাণ্ড(Mansukh Hiren's murder case) ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এই তালাচী অভিযান চলায় NIA এ ৷ অভিযানৰ অন্তত নিয়াই আটক কৰে প্ৰদীপ শৰ্মাক ৷

মাজুলীত ভুৱা চিকিৎসকৰ দপদপনি: সম্প্ৰতি আৰক্ষীৰ জালত

মাজুলীত আৰক্ষীৰ জালত এজন ভুৱা চিকিৎসক । উত্তৰ প্ৰদেশৰ উত্তম কুছৱাহাই নামৰ ভুৱা চিকিৎসকজনে বিগত কেইবাবছৰ ধৰি চিকিৎসকৰ কাম কৰিলে ৷ সৰল মানুহৰ অজ্ঞতাৰ সুযোগ লৈ নিজকে চিকিৎসক বুলি পৰিচয় দি মাজুলীৰ জেংৰাইমুখ থানাৰ নিচেই সমীপৰ লখিমী গাঁৱত চিকিৎসা সেৱা আগবঢ়াই থকাৰ অভিযোগ উত্থাপন হৈছে ৷

25 জুলাইৰ পৰা মুকলি হ’ব জগন্নাথ মন্দিৰৰ দ্বাৰ

পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰৰ দ্বাৰ ৰথযাত্ৰাৰ দুদিন পিছত অৰ্থাৎ ২৫ জুলাইত ভক্তৰ বাবে মুকলি কৰা হ'ব ৷ মন্দিৰ কৰ্তৃপক্ষৰ মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰে প্ৰকাশ কৰা অনুসৰি ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু ভগৱান জগন্নাথ ২৩ জুলাইত ন দিনীয়া ৰথ যাত্ৰা উৎসৱৰ পিচত মন্দিৰলৈ উভতি আহিব ৷ ইয়াৰ পাচতহে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰাৰ সুযোগ পাব ৷

এতিয়াৰে পৰা আমাজানত উপলব্ধ ক’ভিড টেষ্ট কিট্​

ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনে আৰম্ভ কৰিলে ঘৰতে ব্যৱহাৰ কৰিব পৰা ক’ভিড-19 পৰীক্ষা কিট্ ৷ 39.99 ডলাৰ মূল্য সাপেক্ষে আমাজনত উপলব্ধ হৈছে এই পৰীক্ষা কিটটো ৷

ৰাজ্যত ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ হাৰ ২.৬০ শতাংশ

বিগত ২৪ ঘণ্টাত ৰাজ্যত ৩৩৮৬ গৰাকী লোক ক'ভিড 19(COVID-19) ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৬ গৰাকীৰ । ৰাজ্যত মজুত আছে ৪,৮২,৩২০ পালি প্ৰতিষেধক । ইয়াৰে ২,৩৪,০৬০ পালি ৪৫ বছৰৰ ঊৰ্ধৰ বাবে আৰু ২,৪৮,২৬০ পালি ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে ।

আমেৰিকাৰ বাল্টিম’ৰত গুলীচালনাত নিহত 1

আমেৰিকাৰ বাল্টিম’ৰ চহৰত গুলীচালনা সংঘটিত ৷ অতৰ্কিতে দুৰ্বৃত্তৰ দলে চলোৱা এই আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে পাঁচজন ৷ সম্প্ৰতি চহৰখনৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.