ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 31, 2021, 1:16 PM IST

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী

দেওবাৰে নিশা জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা লগতে মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।

কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ?

মন্ত্ৰী পীযূষ হাজৰিকা হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ খহনীয়া অঞ্চলসমূহ জলসম্পদ বিভাগ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাই পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে বিশ্বনাথ জিলাত উপস্থিত হৈয়ো বান-খহনীয়া অঞ্চল পৰিদৰ্শন নকৰাটো নৈপৰীয়া ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয় বুলি এক বিবৃতি যোগে সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে সংগঠনটোৱে ৷

মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান

বিগত দুটা সপ্তাহত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আপত্তিজনক নথি পত্ৰৰ লগতে বহু লাখ টকা ৷

পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ

গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে দেওবাৰে নিজৰ হাতৰ ধন ভাঙি হাতে হাতে দা-কোৰ লৈ ওলাই আহিল ভৱানীপুৰ সমষ্টিৰ কাটলা পথাৰ গাঁৱৰ ৰাইজ ৷ অঞ্চলটোৰ লোকে নিজে বাহৰ পাৰ্কুপাইন দি কেইবা ঠাইত শ্ৰমদান কৰি পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৷

লখিমপুৰত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী

দেওবাৰে নিশা লখিমপুৰৰ ৰাইজে হেৰ’ইনসহ হাতে-লোটে আটক কৰে চাৰি সৰবৰাহকাৰী ৷ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৬ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ ৷

জুৰীয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

দেওবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়াত আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

লক ডাউনে বিপৰ্যয় আনিছে কুটীৰ শিল্পলৈ

ক’ভিড মহামাৰীৰ ত্ৰাসৰ ফলত জাৰি কৰা লক ডাউনে অন্য ক্ষেত্ৰৰ লেখীয়াকৈ কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলৰ জীৱনলৈ নামি আহিছে আৰ্থিক দুৰ্যোগ ৷ টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পীগৰাকীৰ জীৱনলৈও বিপৰ্যয় নমাই আনিছে মহামাৰী ক’ভিডে ৷

সোমবাৰৰ পৰা ৰাজ্যত 18-45 বছৰৰ লোকৰ বাবে উপলব্ধ নহয় ভেকচিন

ৰাজ্যত 31 মে’ৰ পৰা 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ লোকে নাপাব ক’ভিড ভেকচিন ৷ অৱশ্যে আগন্তুক জুন মাহত কেন্দ্ৰই এই পৰ্যায়ৰ লোকৰ বাবে 7 লাখ ভেকচিন পুনৰ ৰাজ্যলৈ প্ৰেৰণ কৰিব ৷ দেওবাৰে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ক’ভিড হাস্পতালৰ পৰা সামগ্ৰী চুৰি কৰি পলাল ক’ভিড ৰোগী

নীলবাগান ক’ভিড হাস্পতালত নিশা চুৰি কৰি হাস্পতালৰ পৰা পলায়ন এজন ক’ভিড আক্ৰান্ত ৰোগী ৷ আক্ৰান্ত ৰোগীজনেসঠিক তথ্য হাস্পতালত নিদিয়াত ৰোগীজন চিনাক্ত কৰাত ব্যৰ্থ চিকিৎসালয় কৰ্তৃপক্ষ ৷

কেমেৰাত বন্দী হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য

গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা অব্যহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ নুমলীগড়ৰ সমীপৰ মৰঙি চাহ বাগিচাত দেওবাৰে দেখা গ’ল তেনে এক দৃশ্য ৷ এজাক বন্যহস্তীয়ে এফালৰ পৰা মহটিয়াই চাহ বাগিচাৰ বিভিন্ন অঞ্চল । মাজে সময়ে শ্ৰমিকলৈও চোঁচা লয় বন্যহস্তীয়ে । এক শিহৰণকাৰী দৃশ্য আৱদ্ধ হৈছে ইটিভি ভাৰতৰ কেমেৰাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.