ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 19, 2021, 1:02 PM IST

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

বুধবাৰে পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘটিল আগে পাছে নঘটা এটি ঘটনা ৷ উদ্যানখনত দুটা গড়ৰ মাজত হোৱা যুঁজত প্ৰাণ হেৰুৱালে এজনী গাভিনী গড়ে ৷

অসমলৈও আহিল ভয়ংকৰ "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা লিউক'ৰমাইক'ছিছ নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী ।

টিংৰাই বিস্ফোৰণ কাণ্ড: হীৰেন গগৈৰ পিছত লক্ষীপথাৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাই

টিংৰাইত শুকুবাৰে দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন অভিযুক্তকে মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে ৷ ডিগবৈত আটক কৰা যুৱকজন লক্ষীপথাৰৰ মুনু ওৰফে হীৰেন গগৈ আৰু আনজন ৰঞ্জিত চাংমাই (১৯) বুলি জানিব পৰা গৈছে ।

আসোঁৱাহপূৰ্ণ মথাউৰিক লৈ শংকিত ধেমাজিবাসী

সমাগত বাৰিষাক লৈ উদ্বিগ্ন ধেমাজিবাসী ৷ নিৰ্মাণৰত অৱস্থাত থকা মথাউৰি ভাঙি জীয়াঢলৰ পানীয়ে বহু গাঁও প্লাৱিত কৰাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে ৷

কৰ’ণাক পৰাজয় কৰি কৰ্মজীৱন অব্যাহত ৰখা বৰপেটাবাসী

বৰপেটা চহৰৰ কৰ’ণাত আক্ৰান্ত কেইগৰাকীমান ব্যক্তি ৷ এই ব্যক্তিসকলে মহামাৰী কৰ’ণাক পৰাস্ত কৰি নিজৰ কৰ্মজীৱন সুন্দৰভাৱে চলাই নিবলৈ সক্ষম হৈছে ৷ ফলত হৈ পৰিছে আন একাংশৰ বাবে আদৰ্শস্বৰূপ ৷

খহনীয়াই টোপনি হৰিছে কৰিমগঞ্জৰ হাতিখিৰাবাসীৰ

25 বছৰে খহনীয়াৰ সৈতে যুঁজি হতাশাত ভূগিছে কৰিমগঞ্জৰ হাতিখিৰাবাসী ৷ বহু পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে এটা গড়কাপ্তানী পথ লংগাই নদীত জাহ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নৱগঠিত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ কাতৰ আহ্বান খহনীয়াগ্ৰস্ত ৰাইজৰ ৷

সামাজিক মাধ্যমৰ সদ ব্যৱহাৰ: মোকলাইছে উপাৰ্জনৰ পথ

কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱতীয়ে দেখুৱাইছে স্বাৱলম্বনৰ এক সুন্দৰ পথ ৷ অলিস্মিতা শইকীয়া নামৰ যুৱতীগৰাকীয়ে তাঁতশালত কাপোৰ বৈ ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে সমগ্ৰ অসমতে আৰম্ভ কৰিছে ব্যৱসায় ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি কৰিছে। মঙলবাৰেও পুনৰ অসম আৰক্ষীত ব্যাপক ৰদ-বদল কৰা হয়।

নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত মুকুল ৰয় আৰু অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে চিবিআইৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই ৷ ইফালে দুবছৰ ধৰি লোকসভাৰ অধ্যক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিচৰা অনুমোদন ৷

গুজৰাটত টাউতেৰ ধ্বংসলীলা: 13 জনৰ মৃত্যু

টাউতেৰ সংহাৰত গুজৰাটত প্ৰাণ হেৰুৱালে 13 জনকৈ লোকে ৷ গুজৰাটৰ ভিন্ন প্ৰান্তত বৈদ্যুতিক খুঁটা, গছ-গছনি উভালি পৰাৰ লগতে ঘৰৰ দেৱাল আৰু চাল খহি দুৰ্ভাগ্যজনক মৃত্যুক সাৱটিলে বহুকেইজন লোকে ৷ ঘূৰ্ণী বতাহৰ ফলত ভাৱনগৰৰ এটা প্ৰকল্পত মেডিকেল অক্সিজেনৰ উৎপাদন ব্যাহত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.