কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে
মেৰাপানীৰ আদৰ্শ কৃষক বীৰেণ ঘাটোৱাৰৰ প্ৰচেষ্টাত বিশেষ প্ৰকাৰৰ আলু উৎপাদন ৷ বৰ্ণসংকৰ প্ৰজাতিৰ ‘কুফৰি সূৰ্য আলু’ সফলতাৰে উৎপাদন কৰিছে কৃষক গৰাকীয়ে ৷ ‘Potato Breeder Seed Multiplication’ আঁচনিৰ অধীনত সম্পূৰ্ণ এক বিঘা মাটিত এই প্ৰকাৰৰ আলু উৎপাদন কৰিছে কৃষক ঘাটোৱাৰে ৷
আজমল অসমৰ মুছলমানৰ অভিভাৱক নহয়: মুছলিম ছাত্ৰ সন্থা
এআইইউডিএফক মুছলিম ছাত্ৰ সন্থা অসমৰ কঠোৰ সকীয়নি ৷ ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ আজমল পৰিয়ালক সকীয়াই দিলে মুছলিম ছাত্ৰ সন্থাই ৷ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই ৷
নলবাৰীত 'সুৰক্ষিত বাট জীৱন জিন্দাবাদ' ৰূপায়ণ
পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শংকৰদেৱ শিশু/বিদ্যা নিকেতন নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিশেষ পদক্ষেপ ৷ ৰাইজক সজাগ কৰাৰ বাবে নলবাৰী চহৰৰ বিভিন্ন স্থানত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা গোহাৰি বিতৰণ ৷ প্ৰতিজন নাগৰিককে পথ সম্পৰ্কীয় নীতি-নিয়ম মানি চলাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ৷
আমগুৰিত বিহুৰ আখৰাত ব্যস্ত এজাক ডেকা-গাভৰু
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ আমগুৰিতো আৰম্ভ হৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক আয়োজন ৷ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ঢোল-পেঁপাৰ মাতত গাঁৱৰ চুবুৰি ৰজন-জনাই উঠিছে । ঢুলীয়া-নাচনী ব্যাকুল হৈ পৰিছে ৰঙালীক আদৰিবলৈ । লালিমছিগা বৰ অসম চেমনিয়া হুঁচৰি দলে ইতিমধ্যে সমাপ্ত কৰিছে বিহুৰ আখৰা ।
ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ মন্ত্ৰী পীযুষৰ ম’বাইল
শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ ম’বাইল ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ ৷ মন্ত্ৰী হাজৰিকাই সাংবাদিকক ভাবুকি প্ৰদান কৰাৰ পাচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনাৰ অন্তত কণ্ঠ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ পঠিওৱা হয় মন্ত্ৰীগৰাকীৰ ফোনটো ৷
তেজপুৰত প্ৰবল শিলাবৃষ্টি
তেজপুৰ চহৰৰ লগতে ইয়াৰ সমীপৱৰ্তী এলেকাত শনিবাৰে নিশা 9 বজাত প্ৰচণ্ড শিলাবৃষ্টি হয় ৷ প্ৰায় 5 মিনিট সময় ধৰি হোৱা বতাহ-বৰষুণ আৰু প্ৰচণ্ড শিল বৰষুণৰ দৃশ্য বন্দী কেমেৰাত । তাৎক্ষণিকভাৱে চহৰখনৰ জনজীৱন স্থবিৰ হৈ পৰে ৷ চাওক শিলাবৃষ্টিৰ এক দৃশ্য...
সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰা এখন আৰক্ষী থানা
বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা হাৱাজান আৰক্ষী চকীখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আৰক্ষী চকীখনৰ চৌপাশে ফুলি উঠা তেজৰঙা বিভিন্ন ফুলে আকৰ্ষণ কৰিছে সকলোকে ৷ প্ৰকৃতিৰ বুকুলৈ বহাগ অহাৰ প্ৰাকক্ষণতে আৰক্ষী চকীখন এনেদৰে সজাই তুলিছে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই ৷
পুনৰ ঘোলা হৈ পৰিছে চিয়াঙৰ পানী
বিগত কেইদিনমানৰ আগলৈ স্বচ্ছ আৰু নির্মলভাৱে বৈ থকা চিয়াং নদীৰ পানী হঠাতে ঘোলা হ'বলৈ ধৰাত চিন্তিত হৈ পৰিছে অৰুণাচল প্রদেশৰ পূৱ চিয়াং জিলাৰ লগতে নামনি অসমৰ চিয়াং-ব্রহ্মপুত্র নৈপৰীয়া ৰাইজ ৷ নৈখনৰ আশে-পাশে থকা মাছমৰীয়া তথা গো-পালকসকল অধিক চিন্তিত হৈ পৰিছে ৷
ক’ভিড ১৯: ভাৰতত নতুনকৈ ৯৩,২৪৯ জন আক্ৰান্ত
ভাৰতত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ১,২৪,৮৫,৫০৯ জন লৈ বৃদ্ধি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১,১৬,২৯,২৮৯ জন লোক আৰোগ্য লাভ কৰিছে ।
বৰপেটাত 144 নং ধাৰা জাৰি
চলিত মাহৰ 6 তাৰিখে অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত জিলা দণ্ডাধীশ মুনীন্দ্ৰ শৰ্মাই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত 144 নং ধাৰা জাৰি কৰিছে ৷