ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি - হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT  1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 7, 2020, 1:07 PM IST

আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন ৷ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল চেইন টানি পলায়ন কেইবাজনো যাত্ৰীৰ। হোজাই ষ্টেচন পাৰ হোৱাৰ পাচতেই 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে ।

বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শংকৰদেৱ নগৰত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

উন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ : বাতৰি প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহাৰ্য

ডিব্ৰুগড়ৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ডব্লিউ দালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য ৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাচতেই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিশিষ্ট ফটোগ্ৰাফাৰজনলৈ আৰ্থিক সাহাৰ্য আগবঢ়ালে সৰ্বানন্দ সোণোৱালে ৷

এবছৰে দৰমহা নাই : ক্ষুব্ধ চৰকাৰী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন

ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা ৷ এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা ।

দুৰ্নীতি : ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ৷ ভিচিডিচিৰ চেয়াৰমেনৰ বিৰুদ্ধে হিতাধিকাৰীৰ সমস্ত ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ তিনি বছৰে সম্পূৰ্ণ নহ'ল হিতাধিকাৰীৰ ঘৰ ৷

ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা

শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে শনিবাৰে ৷ কোভিড-19ত আক্ৰান্ত হৈছে ৰঙাপৰাৰ এজন যুৱক ৷

দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বাবেই এজন স্থানীয় ব্যক্তিৰ হত্যা সন্দৰ্ভত দিল্লী আদালতত অভিযোগ পত্ৰ দাখিল কৰে । আনহাতে, আদালতে ঘটনা সন্দৰ্ভত আগন্তুক ২০ জুনত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

দুদিন জংঘলত কটালে উড়িশাৰ নিঃসহায় ব্যক্তিয়ে

চেন্নাইত শ্ৰমিক হিচাপে কাম কৰা উড়িশাৰ এজন লোকে নিজ ৰাজ্যলৈ উভতি আহি দুদিন ধৰি জংঘলত বাস কৰিব লগা হ'ল ৷ উড়িশাৰ গঞ্জাম জিলাত উপস্থিত হোৱাৰ পাচত লোকজনক কোৱাৰান্টাইন চেন্টাৰ আৰু নিজ গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰা হয় ৷

ভাৰত-চীনৰ মাজত সম্পন্ন পাঁচঘন্টীয়া আলোচনা

পূৰ্বৱৰ্তী লাডাখক লৈ ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শনিবাৰে দুয়োখন দেশৰ মাজতে এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ ভাৰত আৰু চীনৰ মাজত প্ৰথমবাৰৰ বাবে সামৰিক বিবাদ নিষ্পত্তি কৰিবলৈ এইদৰে সেনাৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ৷ চীনৰ পিএলএৰ টিবেট মিলিটাৰী ডিষ্ট্ৰিক্টৰ কামাণ্ডাৰৰ বিপৰীতে ভাৰতৰ 14 ক'ৰৰ কামাণ্ডাৰে বৈঠকত মিলিত হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.