ETV Bharat / state

এক বজাৰ শীৰ্ষ বাতৰিসমূহ...... - TOP 10@ 1 PM

এক বজাৰ শীৰ্ষ বাতৰিসমূহ......

TOP 10@ 1 PM
এক বজাৰ শীৰ্ষ বাতৰিসমূহ......
author img

By

Published : Jun 4, 2020, 1:04 PM IST

বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

বাৰিষাৰ প্ৰথমটো বানে দিশহাৰা কৰিছে নগাঁৱৰ পুৰণিগুদামৰ চলচলীবাসীক ৷ অঞ্চলটোত থকা বৰো ধানৰ খেতিপথাৰসমূহ বানৰ কবলত পৰাত হতাশাত ভূগিছে কৃষকসকল ৷ ক্ষতিপূৰণ বিচাৰি চৰকাৰক আবেদন জনাইছে কৃষকসকলে ৷

ধুবুৰী জিলাত ২১২ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

ধুবুৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলা খনত ২১২ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা ৷

বৰপেটাৰ বাঘবৰত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া

বিগত কেইবাদশক ধৰি বাঘবৰত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বাঘবৰৰ কেইবা শ বিঘা কৃষি ভূমি ৷ শেহতীয়াকৈ বাঘবৰৰ পাহাৰপুৰ গাঁৱৰ কেইবা শ পৰিয়ালৰ ঘৰ-বাৰী, ভেটি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷

কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

ঋণ মাফৰ দাবীৰে কলগাছিয়াৰ ধৰ্মপুৰত বিভিন্ন আত্নসহায়ক গোটৰ মহিলা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন মাইক্ৰ ফাইনেন্সৰ পৰা মহিলা সকলে লোৱা ঋণৰ কৃষ্টি আদায় কৰিব নোৱাৰাৰ বাবে এই বিক্ষোভ প্ৰদৰ্শন কৰিছে মহিলা সকলে ৷

টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং

জাঁজী নদীৰ ওপৰত থকা দলংখন আজিলৈকে নিৰ্মাণ নোহোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে টীয়ক আৰু শিমলুগুৰি মৌজাৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁৱৰ কৃষকসকল ৷ উপায়হীন ৰাইজৰ সহায়ৰ বাবে স্থানীয় যুৱকসকলে নিজ ঘৰৰ পৰা কাঠ-বাঁহ সংগ্ৰহ কৰি নদীখনৰ ওপৰত সাজি উলিয়াইছে এখন ওলমা বাঁহৰ দলং ।

কৰিমগঞ্জত হোম কোৱাৰেন্টাইনত থকা যুৱকৰ দেহত কোভিড-19

হোম কোৱাৰেন্টাইনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল কৰিমগঞ্জৰ যুৱক ৷ যুৱকজন 21 মে'ত মুম্বাইৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছিল । প্ৰথমে কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ পাচত হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছিল যুৱকজনক ৷

গোলাঘাটত বন্যহস্তীৰ জাকক খাদ্যৰ যোগান কৃষকৰ

গোলাঘাটত খেতি পথাৰত উপদ্ৰৱ কৰা বন্যহস্তীৰ জাকক কৃষকে যোগান ধৰিলে খাদ্য ৷ বন্যহস্তীক খেতি পথাৰত উপদ্ৰৱ কৰাৰ পৰা বিৰত ৰখাৰ বাবে এই অভিনৱ পন্থা গ্ৰহণ কৃষকৰ ৷

ৰাইজে আটক কৰি আৰক্ষীক গতালে চোৰ

লক ডাউনৰ মাজতে বুধবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় চুৰি কাণ্ড ৷ আৰক্ষীৰ নিৰপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই ৰে’লৱে গাৰ্ড কাউঞ্চিলৰ কাৰ্যালয়ৰ তলা ভাঙি চিলিং ফেন,ৱাৰ্ল ঘড়ী আৰু অনুভাষ যন্ত্ৰটি চুৰি কৰি লৈ যায় চোৰে ৷

ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি ৷ নামতিৰ পৰা নাজিৰা সংযোগী ধোদৰ আলিত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ' গাঁত। যাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে পথটোৰে নিতৌ অহা-যোৱা কৰা যাত্ৰী সকলে ৷

অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 1830 লৈ বৃদ্ধি

1800 অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই ৷ শেহতীয়াকৈ 74 গৰাকী আক্ৰান্ত চিনাক্ত হৈছে ৰাজ্যৰ 3 খন জিলাত ৷ অৱশ্য়ে আক্ৰান্তসকলৰ অধিকাংশই কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.