ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ - Top 10 7 P.M

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 7 P.M
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Dec 14, 2020, 7:02 PM IST

বন্যহস্তীক সুৰক্ষা দিয়াত বিফল হৈছে নেকি বন বিভাগ !

সম্প্ৰতি অসমৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তী আৰু মানুহৰ সংঘাতে ৷ অনুৰূপ পৰিস্থিতি উজনি অসমৰ আপাৰ বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত ৷ দৈনিক বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে বনাঞ্চল খনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ৷ যাৰ ফলত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লোকে হাতীৰ আক্ৰমণত প্ৰাণো হেৰুৱাইছে ৷ ২০১৯-২০ বৰ্ষৰ ভিতৰতে ডিগবৈত প্ৰায় ৭ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত ৷

বৰপেটাত টিটেনাচ-ডিফথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ

টিটেনাচ আৰু ডিফথেৰিয়া ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা বৰপেটা জিলাত আৰম্ভ হৈছে টীকাকৰণ অভিযান ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জনোৱা মতে, 10 বছৰৰ ওপৰৰ শিশু সকলক ডিপথেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষাৰ উদ্দেশ্যে জিলাখনত টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ৷

ছাংপোত বান্ধ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হৈছে চীন

পৱিত্ৰ য়াৰলুং ছাংপো-ব্ৰহ্মপুত্ৰ নদীত বৃহৎ বান্ধ নিৰ্মাণৰ পৰিকল্পনা গৃহীত কৰিছে ৰঙা চীনে । ভাৰত আৰু বাংলাদেশৰ পৰা অহা প্ৰত্যাহ্বান আওকাণ কৰি পূৱ তিব্বতত এইদৰে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাটো চীনৰ বাবে বহুতো সমস্যাৰ সমাধানত পৰিগণিত হ'ব । অৱশ্যে এনে কৰিবলৈ যাওঁতে চীনে প্ৰযুক্তিগত দিশৰ পৰাও প্ৰত্যাহ্বান লাভ কৰিব ।

বিহু বিশেষজ্ঞ তথা শিল্পী জয়কান্ত গন্ধিয়াৰ দেহাৱসান

অসমীয়া সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰলৈ পুনৰ এক দুঃখবৰ ৷ চিকিৎসাধীন অৱস্থাত সোমবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী-সাহিত্যিক পেঞ্চনাৰ, বিহু বিশেষজ্ঞ,বিহু সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন সভাপতি তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জয়কান্ত গন্ধিয়াই ৷ উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হৈ দীৰ্ঘদিনৰে পৰা তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল জয়কান্ত গন্ধিয়া ৷

কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা

ভক্তিৰসেৰে মুখৰিত কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷ কৰ'ণা ত্ৰাসৰ মাজতে চৰকাৰী ক’ভিড প্ৰট’কল মানি দেওবাৰে নিশা কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত উদযাপিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ শ্ৰীকৃষ্ণৰ মোহন বাঁহীৰ সুৰে যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷

15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

বিটিচিৰ নতুন পৰিষদক লৈ ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটৰ জৰিয়তে মুখীয়ে জনালে বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা ৷ 15 ডিচেম্বৰত বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰিব ৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’

অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ ৷ এমবি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি ‘ৰিয়াজ’য়ে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা তথা প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছে ৷ যোৰহাটৰ যুৱ ছবি নিৰ্মাতা মৃগাংক বৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী আৰু সৌমাৰ জ্যোতি বৰাই ৷ ৰিয়াজৰ পটভূমি হৈছে সংগীত, কবিতা আৰু প্ৰেম ৷

শিল্পী মনোজ বড়াৰ অগপত যোগদান

অগপত যোগদান CAA বিৰোধী আন্দোলনত এক সবল ভূমিকা গ্ৰহণ কৰা শিল্পী মনোজ বড়াৰ ৷ আমগুৰিৰ খনামুখত অনুস্থিত হোৱা অগপৰ এক মত বিনিময় অনুষ্ঠানত বড়াই অগপত যোগদান কৰে ৷ ৰাজ্যৰ নৱগঠিত আঞ্চলিক দলক বড়াৰ কটাক্ষ ৷ CAA ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিতে অটল থাকিব বুলি মন্তব্য বড়াৰ ৷

তেলেংগানাত দুৰ্ঘটনাত পতিত হিমাচলৰ ৰাজ্যপালৰ বাহন

তেলেংগানাত দুৰ্ঘটনাত পতিত হ'ল হিমাচল প্ৰদেশৰ ৰাজ্যপাল বানদাৰু দত্তত্ৰেয়াৰ বাহন ৷ তেলেংগানাৰ খাইটাপুৰম গাঁৱত সংঘটিত হয় এই ঘটনা ৷ সৌভাগ্যক্ৰমে ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱাৰ কেইঘণ্টামানৰ পিছতে পুনৰ সিদ্ধান্ত সলনি কৰিছে কৰ্ণাটকৰ পথ পৰিবহণৰ কৰ্মচাৰীয়ে । দেওবাৰে নিশা কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.