নিউজ ডেক্স, 27 ফেব্ৰুৱাৰীঃ
1. কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ব্যৱসায়ীৰ সৈতে আলোচনা কৰিবলৈ আজি গুৱাহাটীত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷
2. ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ কামত জড়িত নিৰ্মাণকাৰী সংস্থাৰ অস্থায়ী কাৰ্যালয়ত AK 47 ৰাইফলেৰে উগ্ৰপন্থীৰ গুলী চালনা , কথমপি প্ৰাণ ৰক্ষা সংস্থাটোৰ কৰ্মচাৰীৰ ৷
3. দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি, লগতে গুৰুতপভাৱে আঘাতপ্ৰাপ্ত 200 ৰো অধিক লোক ৷
4. আধাৰশিলা স্থাপনৰ চাৰি বছৰৰ পাচতো আৰম্ভ নহ'ল নিমাতী মাজুলী সংযোগী দলঙৰ কাম ৷
5. দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আজি ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰদান কৰে স্মাৰক পত্ৰ ৷
6. দিল্লীৰ হিংসাত্মক ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপস্থিতত অনুষ্ঠিত হয় এখন উচ্চ স্তৰীয় বৈঠক, হিংসা প্ৰভাৱিত অঞ্চল সমূহত সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত ৷
7. আজি পুৱতি নিশা অহা ধুমুহাই বিস্তৰ ক্ষতি ক্ষাধন কৰে জোনাইৰ বিভিন্ন প্ৰান্তত, পথৰ ওপৰত বাগৰি পৰে কেইবাজোপা প্ৰকাণ্ড গছ ৷
8. তেজপুৰ জাহাজ ঘাটৰ ৰেল বিভাগৰ চৰকাৰী আবাসত অবৈধ ভাৱে থকা প্ৰায় ৫০ পৰিয়ালক প্ৰশাসনৰ উচ্ছেদ অভিযান ৷
9. চীনৰ য়ুহান চহৰৰ পৰা আজি পুৱা গ্ল'বমাষ্টাৰ বিমানেৰে ভাৰতত আহি উপস্থিত হয় 112 গৰাকী যাত্ৰী, বৰ্তমান যাত্ৰীসকলক ৰখা হৈছে ITBP জোৱানৰ নিৰীক্ষণত কৰা হৈছে স্বাক্ষ্য পৰীক্ষা ৷
10. নিজ পৰিয়ালৰ ছয় জনকৈ সদস্যক হত্যা কৰাৰ অভিযোগত অভিযুক্ত জলীয়ামা জোচেফ ওৰফে জলী চাজুৰ কাৰাগাৰত আত্মহত্যাৰ চেষ্টা ৷
লগতে পঢ়ক , বৰপেটাৰ পিতল শিল্পক নতুন ৰূপ দিয়া ব্যক্তিজন