ETV Bharat / state

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজপথত যান-বাহন চলাওতে সাৱধান হওক - ৰাজ্যিক কেবিনেটত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথ আৰু নগৰৰ ভিতৰত সকলো ডাঙৰ মালবাহী বাহনে ঘণ্টাত 70 কিঃমিঃ, 60 কিঃমিঃ আৰু ৪০ কিঃমিঃ বেগত চলাচল কৰিব পাৰিব ৷ আনহাতে মটৰচাইকেলৰ ক্ষেত্ৰত এই গতিবেগ হব ঘণ্টাত 80 কিঃমিঃ, 60 কিঃমিঃ আৰু 50 কিঃমিঃ ৷ তিনিচকীয়া বাহনৰ হব ঘন্টাত 50 কিঃমিঃ, 50 কিঃমিঃ আৰু 40 কিঃমিঃ । জনতা ভৱনত সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Todays state cabinet decisions) ।

Assam Cabinet
ৰাজপথত যান-বাহন চলাওতে সাৱধান হওক
author img

By

Published : May 23, 2022, 10:33 PM IST

গুৱাহাটী, 23 মে': এতিয়াৰে পৰা ৰাজপথত যান-বাহন চলাওতে সাৱধান হওঁক ৷ কিয়নো ৰাজপথত যান-বাহন চলাচল সন্দৰ্ভত সোমবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ তীব্ৰবেগৰ ফলত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ হ্ৰাস কৰাৰ বাবে সৰ্বোচ্চ 8 গৰাকী আৰোহী থকা ব্যক্তিগত বাহনে ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথ আৰু নগৰৰ ভিতৰত ক্ৰমে ঘণ্টাত 100 কিঃমিঃ, 70 কিঃমিঃ আৰু 60 কিঃমিঃ বেগত চলাচল কৰিব পাৰিব (Todays state cabinet decisions)।

সৰ্বোচ্চ 8গৰাকী আৰোহী থকা বাণিজ্যিক বাহনে ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথ আৰু নগৰৰ ভিতৰত ঘণ্টাত ক্ৰমে 80 কিঃমিঃ, 70 কিঃমিঃ আৰু 60 কিঃমিঃ বেগতহে চলাচল কৰিব পাৰিব । বানিজ্যিক বাহন (9 বা ততোধিক যাত্ৰী কঢ়িওৱা) ৰাষ্ট্ৰীয় ঘাইপথত ঘণ্টাত 80 কিঃমিঃ, ৰাজ্যিক ঘাইপথত 70 কিঃমিঃ আৰু নগৰত 60 কিঃমিঃ বেগত চলাচল কৰিব পাৰিব ।

State cabinet meeting decisions
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

একেদৰে ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথ আৰু নগৰৰ ভিতৰত সকলো ডাঙৰ মালবাহী বাহনে ঘণ্টাত 70 কিঃমিঃ, 60 কিঃমিঃ আৰু ৪০ কিঃমিঃ বেগত চলাচল কৰিব পাৰিব ৷ আনহাতে মটৰচাইকেলৰ ক্ষেত্ৰত এই গতিবেগ হব ঘণ্টাত 80 কিঃমিঃ, 60 কিঃমিঃ আৰু 50 কিঃমিঃ ৷ তিনিচকীয়া বাহনৰ হব ঘন্টাত 50 কিঃমিঃ, 50 কিঃমিঃ আৰু 40 কিঃমিঃ । জনতা ভৱনত সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সেই অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কাঠামো নিৰ্ধাৰণ, কাৰিকৰী প্ৰতিষ্ঠানত প্ৰত্যক্ষ নিযুক্তিত সৰলীকৰণ, পদোন্নতিত সহায়ক হোৱাকৈ নিয়ম সংশোধন, জোৱাৰ খেতিৰ প্ৰসাৰৰ পদক্ষেপকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে পৰিকাঠামো প্ৰস্তুতৰ নিৰ্দেশ দিবলৈ সিদ্ধান্ত লোৱা হয় ।

State cabinet meeting decisions
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সকলো স্নাতক, স্নাতকোত্তৰ পাঠ্যক্ৰম, যেনে- BA, BSc, MA, MSc, BCA, BBA আদি বা ৩+২ৰ বৰ্তমানৰ আৰ্হিৰ অন্য কোনো অনুৰূপ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য মূল নিৰ্দেশনা সমূহ হ'ল- ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ Choice Based Credit System (CBCS)ৰ পুনৰীক্ষণ কৰা ।

State cabinet meeting decisions
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

3 বা 4 বছৰৰ সময়সীমাৰ স্নাতক ডিগ্ৰী পাঠ্যক্ৰম প্ৰস্তুত কৰা । 1 বছৰ (দ্বিতীয় ষাণ্মাসিক) সম্পূৰ্ণ কৰাৰ পাছত প্ৰমাণপত্ৰ, 2 বছৰৰ পাছত (চতুৰ্থ ষাণ্মাসিক) ডিপ্লমা, 3 বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্ৰী (ষষ্ঠ ষাণ্মাসিক), 4 বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্ৰী (অষ্টম ষাণ্মাসিক), জটিল গবেষণা প্ৰকল্প সম্পূৰ্ণ কৰা শিক্ষার্থীয়ে 4 বছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্ৰী, 3 বছৰত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাসকলৰ বাবে 1 বছৰৰ পাঠ্যক্ৰমৰ পাছত নিৰ্দিষ্ট শাখাত স্নাতকোত্তৰ ডিপ্লমা আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰ'গ্ৰেম প্ৰস্তুত কৰাৰ নিৰ্দেশনা দিয়া হৈছে ।

State cabinet meeting decisions
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অহা শিক্ষা বৰ্ষৰ পৰা এই নিয়ম ৰাজ্যৰ উচ্চ শিক্ষাত কাৰ্যকৰী হ'ব বুলি কেবিনেটৰ সিদ্ধান্ত অৱগত কৰি মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমক জনায় । আনহাতে কেবিনেটে ৰাজ্যত জোৱাৰৰ উৎপাদন বৃদ্ধি আৰু জোৱাৰ খেতিৰ প্ৰসাৰৰ বাবে 2022-23 বৰ্ষৰ পৰা 7 বছৰৰ ভিতৰত 'অসম জোৱাৰ মিছন' (Assam Millet Mission) গঠনত অনুমোদন জনায় ।

শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ (নিযুক্তি আৰু বদলিৰ নিয়মাৱলী) নিয়ম, 2022ত আজিৰ কেবিনেটে অনুমোদন জনায় ।

লগতে পঢ়ক: হত্যাকাণ্ড সংঘটিত হোৱা সময়ত মই শুই আছিলোঁ: ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.