নিউড ডেস্ক, 10 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ, স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷
শেহতীয়াকৈ ক'ভিড-19 য়ে সন্ত্ৰাস সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয় 'কেশৱ ধামত' ৷ সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱাকে আদি কৰি 8 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত আটাইকেই গৰাকী লোকক স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, 9 আগষ্টত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 58,837 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 42,325 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 16,364 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 145 গৰাকী ৷
লগতে পঢ়ক : চকুঁৰ পেশীৰ অৱসাদ দূৰত যোগাভ্যাসৰ ভূমিকা