ETV Bharat / state

AJP meeting: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যলৈ সহযোগিতা আগবঢ়াব অজাপই

author img

By

Published : Jun 27, 2023, 9:04 PM IST

এজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ । অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে কেতিয়াও কোনো আপোচ মানি নলয় বুলি মন্তব্য । লগতে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘর্ষ মোদী চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি ইয়াৰ লগত অসমৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলি দাবী অজাপৰ ৷

AJP alleged Modi Govt
AJP will support anti BJP front
এজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা

গুৱাহাটী, ২৭ জুন: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাজ্য তথা কেন্দ্ৰ উভয়তে ভোট বিভাজন ৰোধৰ বাবে বিৰোধী দলসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়াব অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । মঙলবাৰে এজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে, গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত মঙলবাৰে এজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত হয় । সোমবাৰে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল । আজিৰ প্ৰতিনিধি সভাত দলৰ সাংগঠনিক বিষয়, লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু সমষ্টি পুনৰ গঠন আদি বিষয়ত বিশদ আলোচনা কৰা হয় । দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

সভাৰ অন্তত সভাৰ প্ৰস্তাৱসমূহ সমূহ সদৰী কৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই । ৰাজ্যখনকে ধৰি সমগ্র দেশতে শাসকীয় বিজেপি দলে সকলো গণতান্ত্ৰিক বিধি-ব্যৱস্থা মষিমূৰ কৰি অগণতান্ত্ৰিক শাসন প্ৰৱৰ্তন কৰাৰ অভিযোগ তুলি এয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কয় অজাপ নেতৃত্বই । বিজেপি দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সলনি কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ কাম-কাজসমূহ জনবিৰোধী হৈ পৰিছে বুলি অজাপই অভিযোগ কৰে ৷ সেয়ে বিজেপি দলক ক্ষমতাৰ পৰা উৎখাত কৰাটো সময়ৰ আহ্বান হৈ পৰিছে বুলি প্ৰস্তাৱ লয় অজাপই ৷

এই ক্ষেত্ৰত দেশ তথা ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত ভোটৰ বিভাজন হৈ বিজেপি যাতে লাভৱান নহয়, তাৰ প্ৰতি সচেষ্ট হোৱা উচিত বুলি মন্তব্য কৰে দলটোৰ নেতৃত্বই ৷ ইয়াৰ বাবে ৰাজ্য তথা কেন্দ্ৰ উভয়তে ভোট বিভাজন ৰোধৰ স্বাৰ্থত বিৰোধী দলসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে ।

তাৰোপৰি, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ ক্ষেত্ৰত কেতিয়াও কোনো আপোচ মানি নলয় বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদে । অসম আৰু খিলঞ্জীয়া অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ স্বৰূপ অসম চুক্তিৰ ৬নং দফাৰ ক্ষেত্ৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সম্পূৰ্ণ কাৰ্যকৰী নকৰা পৰ্যন্ত অসম জাতীয় পৰিষদ ক্ষান্ত নহয় বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

এই সভাতেই এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যোৱা চাৰি বছৰ ধৰি কোনো কাৰ্যপন্থা গ্ৰহণ নকৰাটো অতিশয় নিন্দনীয় আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰতি এক বৃহৎ বিশ্বাসঘাটকতা বুলি চৰকাৰক সমালোচনা কৰে অজাপৰ নেতৃত্বই । এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো অসম জাতীয় পৰিষদৰ সৰ্বকালৰ বাবে এক প্ৰধান কাৰ্যসূচী হৈ‌ থাকিব বুলি তেওঁলোকে কয় ।

লগতে পঢ়ক: HBS ON ROAD SAFETY: সভাত গামোচা নিপিন্ধে পথ সুৰক্ষাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে

অসম চুক্তি ৰূপায়ন নকৰাকৈ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ নকৰাকৈ আৰু সাংবিধানিক ৰক্ষা কবচ কাৰ্যকৰী নকৰাকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আগবঢ়া কাৰ্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অসমৰ প্ৰতি আন এক বৃহৎ বিশ্বাসঘাটকতা বুলি সভাত মত প্ৰকাশ কৰে অজাপ নেতৃত্বই ।

তেওঁলোকে লগতে, অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া জাতিৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ সাংবিধানিক, প্ৰশাসনিক আৰু বিধিগত ব্যৱস্থা লোৱাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে ৷ অসমৰ খিলঞ্জীয়া জনগণৰ মাটি-সম্পত্তি ৰক্ষা কৰাৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰি খিলঞ্জীয়া লোকৰ মাটি-সম্পত্তি অনাখিলঞ্জীয়া লোকৰ হাতলৈ হস্তান্তৰ হোৱাটো তৎকালীনভাৱে বন্ধ কৰিব লাগে বুলিও দাবী কৰে অজাপই ।

অসমৰ খিলঞ্জীয়া মানুহৰ মাটিবাৰী অতি খৰতকীয়াকৈ পতঞ্জলী আৰু অন্যান্য ব্যৱসায়িক গোষ্ঠীৰ হাতলৈ যোৱাত বৰ্তমানৰ চৰকাৰখনে সুবিধা কৰি দিছে আৰু দেখদেখকৈ এই ব্যৱস্থা অসম চুক্তিৰ ৬নং দফাৰ সম্পূৰ্ণ পৰিপন্থী বুলি কয় অজাপৰ নেতৃত্বই । গতিকে খিলঞ্জীয়া মানুহৰ মাটি-বাৰী বহিৰাগতৰ হাতলৈ যোৱাটো শীঘ্ৰেই বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে দাবী জনায় ।

অজাপই লগতে অভিযোগ তোলে যে, মণিপুৰত চলি থকা ভাতৃঘাতী সংঘর্ষৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় নিষ্ক্ৰিয় ভূমিকা, বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ ৰহস্যজনক নিৰৱতাই এই কথা নিশ্চিত কৰিছে যে, মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘর্ষৰ আঁৰত মোদী চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ আছে ৷ ইয়াৰ লগত অসমৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলিও তেওঁলোকে দাবী কৰে ।

মেইটেই আৰু কুকিসকলক শান্তিপূর্ণ সহাৱস্থানৰ পূৰ্বৰ অৱস্থালৈ ঘুৰি যাবলৈ অনুৰোধ জনায় আৰু মণিপুৰ চৰকাৰ শীঘ্ৰে ভংগ কৰিবলৈ দাবী জনায় । অজাপ নেতৃত্বই উল্লেখ কৰে যে, উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰাটো বিজেপি আৰু মোদীৰ প্ৰহসন আৰু প্ৰতাৰণাৰ বাহিৰে যে একো নহয় তাৰ অন্যতম প্ৰমাণ মণিপুৰৰ ঘটনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.