ETV Bharat / state

Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক আৰু কেন্দ্ৰীয় আঁচনিৰ ১০ কোটি টকাৰ ৰাজসাহাৰ্যৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

“দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা ল'ব নিজ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ? কৃষক আৰু নিবনুৱা যুৱক-যুৱতীৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ সুবিধাৰ অধীনত ১০ কোটি সৰকালে কি যুক্তিত ?” মুখ্যমন্ত্ৰীলৈ অসম তৃণমূল কংগ্ৰেছৰ প্ৰশ্ন ৷ ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ স্বামী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ৰিপুন বৰাৰ ।

Riniki Bhuyan Sarma land scam
মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:52 PM IST

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: কৃষিভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ১০ কোটি টকা ৰাজসাহাৰ্য লাভ বিতৰ্কত সাঙুৰ খাই পৰা অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে সৰৱ হৈছে অসম তৃণমূল কংগ্ৰেছ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই এলানি কেলেংকাৰীৰ কৰাৰ অভিযোগ তুলি চিবিআই আৰু ইডিৰ জৰিয়তে তদন্তৰ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছ দলে ।

এক বিবৃতিত দলটোৰ ৰাজ্যিক সভাপতি তথা প্ৰবীণ ৰাজনীতিক ৰিপুন বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভৰ সুবিধা কৰি দি ক্ষমতাৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

Riniki Bhuyan Sarma land scam
মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক

দলটোৱে শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বিতং তথ্যৰ আঁত ধৰি কয়, "সঘনাই নীতিৰ বচন আওৰাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ ভাও দিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পৰিয়ালতে গঢ়ি উঠিছে দুৰ্নীতিৰ পাহাৰ । শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ স্বামী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণতে নিবনুৱা যুৱক-যুৱতীৰ সুবিধাৰ বাবে থকা প্ৰধানমন্ত্ৰী কৃষক সম্পদ যোজনাৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিছে ।

ৰিপুন বৰাই লগতে কয় যে, এই ক্ষেত্ৰত আটাইতকৈ গুৰুতৰ কথাটো হ'ল উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় মাটিৰ ক্ৰয়ত সংঘটিত কৰা অনিয়ম । তথ্য অনুসৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ ৯ মাহৰ পাচতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰভগীয়া মৌজাৰ অধীনস্থ গোজিগাঁৱত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ নামত ৫০ বিঘা ২ কঠা আৰু ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰে । মাটি ক্ৰয়ৰ পিচতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰভাৱ খটুৱাই ৰিণিকি ভূঞা শৰ্মাই উক্ত কৃষি ভূমিৰ শ্ৰেণী উদ্যোগ শ্ৰেণীলৈ সলনি কৰে । কিন্তু এই ক্ষেত্ৰত লক্ষণীয় কথাটো হ'ল যে অসমত প্ৰচলিত বৰ্তমানৰ ভূমি আইন অনুসৰি কৃষি কৃষিভূমি কৃষিৰ বাহিৰে অন্য কামত ব্যবহাৰৰ বাবে সলনি কৰিব নোৱাৰি ।

আনহাতে ভূমি ক্ৰয়, শ্ৰেণী পৰিৱৰ্তন, খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কোটি টকাৰ সাহাৰ্য লাভৰ প্ৰক্ৰিয়া ইমান কম সময়ত সম্পন্ন হৈছিল, যিটো সাধাৰণ ৰাইজৰ বাবে অসম্ভৱ কথা । নিবনুৱা যুৱক-যুৱতী আৰু কৃষকৰ বাবে থকা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত বহুকেইটা ছেটেলাইট চেনেল, বাতৰি কাকত, আলোচনী, প’ৰ্টেল চেনেল, বহু কেইখন চাহ-বাগিচা, ৰিজৰ্ট, বিলাসী বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই কেনেদৰে লাভ কৰিবলৈ সক্ষম হ'ল বুলি প্ৰশ্ন তুলি ইয়াক দেখদেখকৈ মহাদুৰ্নীতি আখ্যা তৃণমূল কংগ্ৰেছৰ ।

লগতে বিবৃতিটোত কোৱা হৈছে যে কথাই কথাই বিৰোধীৰ পৰিয়ালবাদৰ কথা আওৰাই নিজক যুধিষ্ঠিৰ হিচাপে দাঙি ধৰিব খোজা হিমন্ত বিশ্ব শৰ্মাই নিজ পদবীৰ প্ৰভাৱত নিজ পৰিবাৰক কি হাৰত অবৈধভাৱে ধন সম্পদ গোটোৱা কাৰ্যত বৰঙণি যোগাইছে, সেয়া আজি সকলোৱে প্ৰত্যক্ষ কৰিছে । “তেওঁ সময়ে সময়ে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে । সেয়া ভাল কথা । এতিয়া নিজ পত্নীৰ এই মহা দুৰ্নীতিৰ তথ্য চৌদিশত বিয়পি পৰাৰ পাচত, সেই একেই জেহাদ ঘোষণা কৰি তদন্তৰ ব্যৱস্থা কৰিবনে ?” বুলিও মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন ৰিপুন বৰাৰ ৷

লগতে পঢ়ক: HBS wife land scam: ৰিণিকি ভূঞা শৰ্মাই লাভ কৰা আঁচনি দেশৰ নিবনুৱাৰ বাবে উপলব্ধ নেকি ? কংগ্ৰেছৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.