গুৱাহাটী, ১১ নৱেম্বৰ : কংগ্ৰেছ এৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ সদ্যপদত্যাগী নেতা সুৰেশ বৰাই । বৰাৰ উপৰিও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ পদত্যাগী অধ্যক্ষ দিলীপ শৰ্মাকে ধৰি অৰ্ধশতাধিক লোকেও যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত ।
শনিবাৰে গুৱহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে এইসকল নেতাই ৷ দলৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, ৰণোজ পেগু, নগাঁও সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছত্যাগী নেতাকেইগৰাকীয়ে ।
ইফালে ভাজপাত যোগদানৰ পূৰ্বে শনিবাৰে পুৱা মুখ্যমন্ত্ৰীক আৱাসগৃহক সাক্ষাৎ কৰে প্ৰাক্তন কংগ্ৰেছী নেতা সুৰেশ বৰাই ৷ সুৰেশ বৰাৰ লগতে যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়েও যোগদান কৰে দলটোত ৷ আনহাতে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদত থকা দিলীপ শৰ্মায়ো তৃণমূল কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।
উল্লেখ্য যে সুৰেশ বৰা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল ৷ শুকুৰবাৰে দলটোৰ পৰা পদত্যাগ কৰে বৰাই ৷ আনহাতে পৰিতোষ ৰয় আছিল যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৷ সুৰেশ বৰাই ভাজপাত যোগদান কৰিয়েই কয়, ‘‘মুখ্যমন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হৈ আজি দলটোত যোগদান কৰিছোঁ । নগাঁৱৰ ৰাইজৰ উন্নয়নৰ কাৰনে এতিয়াৰে পৰা দলে যি দায়িত্ব পালন কৰিবলৈ দিয়ে তেনেকৈ কৰি যাম ।’’
ইফালে সততে বিভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰি অহা দিলীপ শৰ্মাই কয়, ‘‘এটা দলত থাকিলে সেই দলটোৰ আদৰ্শ অনুসৰি বিৰোধী দল হিচাবেহে সমালোচনা কৰিছিলোঁ ৷ বিজেপি চৰকাৰে অসমৰ ৰাইজৰ বাবে যথেষ্ট কাম কৰিছে । সেয়েহে চৰকাৰৰ কাম-কাজসমূহৰ প্ৰতি আকৃষ্ট হৈ আজি দলৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰিছোঁ ৷’’
লগতে পঢ়ক : Dilip Kr Sarma quits TMC: তৃণমূল কংগ্ৰেছ এৰি বিজেপিলৈ দিলীপ কুমাৰ শৰ্মা !