ETV Bharat / state

TMC executive meeting: লক্ষ 2024: অসমতো সাজু হ'ল তৃণমূল কংগ্ৰেছ - TMC President Ripun Bora

আগন্তুক লোকসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে অসম তৃণমূল কংগ্ৰেছে । গুৱাহাটীৰ ৰুক্মিণীনগৰ বিহুতলী প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে TMC য়ে । কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি BJP ক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে অসম তৃণমুল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

TMC executive meeting in Rukmininagar
ৰুক্মিনীনগৰত TMC ৰ কাৰ্যনিৰ্বাহক সভা
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 8:41 PM IST

ৰুক্মিনীনগৰত TMC ৰ কাৰ্যনিৰ্বাহক সভা

গুৱাহাটী,১১ অক্টোবৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষ তৎপৰতা আৰম্ভ কৰিছে অসম তৃণমূল কংগ্ৰেছে । বুধবাৰে সমাগত নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰুক্মিণীনগৰ বিহুতলী প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি কঁকালত টঙালি বান্ধে অসম তৃণমূল কংগ্ৰেছে । অসম তৃণমুল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সভাপতিত্বত ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা কমিটি, মহিলা কমিটি আৰু যুৱ কমিটিৰ প্ৰায় ৩০০ জন সদস্যই বৰ্ধিত কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে ।

উক্ত কাৰ্যনিৰ্বাহকত পৰ্যবেক্ষক হিচাপে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ শান্তনু সেন উপস্থিত থাকি দলীয় কৰ্মীসকলোক উদ্বুদ্ধ কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, অসমত ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো কেনেধৰণৰ উন্নয়ন হৈছে সেয়া সকলোৱে দেখিছে । নামনিৰ পৰা উজনি অথবা বৰাকলৈ গ'লেই পথৰ অৱস্থা গম পোৱা যায় ।

মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বানত লাখ লাখ জনতাই এতিয়াও চকুলো টুকিবলৈ বাধ্য হয়। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা সময়ত বিভিন্ন কেলেংকাৰীত জড়িত আছিল বুলি অভিযোগ কৰে তৃণমূলৰ সাংসদগৰাকীয়ে ৷ ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধীয়ে ইণ্ডিয়া মহাজোঁট গঠন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শান্তনু সেনে কয় যে, বিজেপিৰ পৰা ক্ৰমশঃ সহযোগী দলবোৰ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে ।

দাক্ষিণাত্যত বিজেপি এতিয়া শূণ্য । শেহতীয়াকৈ তামিলনাডুৰ শক্তিশালী দল এআইএমডিকে দলে বিজেপিৰ সংগ ত্যাগ কৰিছে । ইফালে সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে অসম চৰকাৰ এতিয়া দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ চৰকাৰত পৰিণত হৈছে । বিভিন্ন ধৰণৰ ঠিকা আৱণ্টনত কেন্দ্ৰীয়ভাৱে ধন সংগ্ৰহ কৰা হয় । এই ধনৰ ভাগ ওপৰ মহললৈ যায় । আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ নামত একনায়কত্ববাদ চলাই থকাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে ।

আনহাতে আগন্তুক লোকসভাত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই । ‘ইণ্ডিয়া’ মহাজোঁটৰ প্ৰেক্ষাপটত অসমত কংগ্ৰেছৰ পিছতে তৃণমূল কংগ্ৰেছ দ্বিতীয় শক্তিশালী দল হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত অসম তৃণমূল কংগ্ৰেছে ৫ খন আসন বিচৰাটো যুক্তিসংগত বুলি মন্তব্য কৰে ৰিপুণ বৰাই ।

লগতে পঢ়ক: Arunodaya card distribution in Sivsagar: শিৱসাগৰত অৰুণোদয় কাৰ্ড বিতৰণ মন্ত্ৰী বিমল বড়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.