ETV Bharat / state

যোৰাবাটত বাইকসহ আটক 3 চোৰ - অৰ্ণৱ ডেকাই দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ চোৰজনক

শনিবাৰে নিশা KTM বাইকসহ সুৰজ লাংঠাছা নামৰ এটা চোৰক আটক কৰাৰ লগতে আটকাধীন চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আন দুটা চোৰক যোৰাবাটৰ পৰা এখন স্কুটিসহ আটক কৰে ৷ উল্লেখ্য যে, অভিযুক্ত সুৰজে বাইক কিনিবলৈ খানাপাৰালৈ আহি টেষ্ট ড্ৰাইভ কৰাৰ চলেৰে বাইকখন লৈ উধাও হয় ৷

আটক 3 জন অভিযুক্ত
আটক 3 জন অভিযুক্ত
author img

By

Published : Mar 8, 2020, 1:01 PM IST

গুৱাহাটী, 8 মাৰ্চঃ শনিবাৰে নিশা যোৰাবাট আৰক্ষীৰ এটা দলে বৰ্নীহাট আৰক্ষীৰ সহযোগত KTM বাইকসহ আটক কৰে 1 এটা চোৰক ৷ আটকাধীন সুৰজ লাংঠাছা (21)ৰ স্বীকাৰোক্তিত যোৰাবাট আৰক্ষীয়ে যোগেশ লাম (18) আৰু অজয় ৱাহলাংক (22) নামৰ আন আন দুজন যুৱকক যোৰাবাটৰ পৰা ML-05P-7825 নম্বৰৰ এখন স্কুটিসহ আটক কৰে ৷

বাইক আৰু স্কুটীসহ আটক 3 জন অভিযুক্ত
বাইক আৰু স্কুটীসহ আটক 3 জন অভিযুক্ত

আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি বেলতলাৰ নিবাসী অৰ্ণৱ ডেকা নামৰ যুৱকজনে নিজৰ AS-25G-3800 নম্বৰৰ KTM বাইকখন বিক্ৰী কৰাৰ বাবে OLX ত বিজ্ঞাপন দিছিল ৷ শনিবাৰে অভিযুক্ত সুৰজ লাংঠাছাই অৰ্ণৱ ডেকাক ফোন কৰি KTM বাইক কিনিবলৈ খানাপাৰালৈ আহি টেষ্ট ড্ৰাইভ কৰিব বুলি কৈ বাইকখন লৈ উধাও হয় ৷ অৰ্ণৱ ডেকাই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ এটা দলে KTM বাইকসহ অভিযুক্ত চোৰকেইটাক দিছপুৰ থানালৈ নি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ জনিয়াত ৰাইজৰ তৎপৰতাত কৰায়ত্ব ছাগলী চোৰঃগতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.