গুৱাহাটী , 4 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বহুসংখ্যক নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে গুৱাহাটী (Guwahati)ত আৱকাৰী বিভাগে কামাখ্যা গেট(Kamakhya Gate)ৰ সমীপত চলোৱা এক অভিযানত বুজন পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে ৷
কামৰূপ(Kamrup) মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শক গোৱৰধন ডেকাৰ নেতৃত্বত আৱকাৰী বিভাগৰ এটা দলে এই অভিযান চলায় ৷
অভিযানত দলটোৱে এ এছ-02-জি-3364 নম্বৰৰ এখন ভাৰ্না বাহনৰ পৰা 460 লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ।
সুৰাখিনি ৰঙিয়া(Rangia)ৰ পৰা গুৱাহাটীলৈ বাহনখনত সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ধৃত কেইজনক আদালতত হাজিৰ কৰোৱা হয় । আদালতে তিনিও সৰবৰাহকাৰীকে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
ইফালে , বামুনীমৈদাম (bamunimaidam) বজাৰত বৃহস্পতিবাৰে পুৱা চলোৱা আন এক অভিযানত আৱকাৰী বিভাগৰ দলে 500 লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে নষ্ট কৰে ।
লগতে পঢ়ক : দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !