গুৱাহাটী,29আগষ্টঃ আমিনগাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা ৷ আমিনগাওঁ আৰক্ষী চকীৰ ১০০ মিটাৰ দূৰত্বৰ পৰাই চোৰে চুৰি কৰি নিলে মোবাইলসহ ধন ৷ প্ৰাপ্ত তথ্য মতে, বুধবাৰে নিশা আমিনগাওঁস্থিত TRTC ছাত্ৰী নিবাসত চোৰে প্ৰবেশ কৰি দুগৰাকী ছাত্ৰীৰ মোবাইল আৰু ধন চুৰি কৰি নিয়ে ৷ আৰক্ষী চকীৰ পৰা ১০০ মিটাৰ দূৰত্বৰ TRTC ছাত্ৰী নিবাসত চোৰে কেনেকৈ প্ৰৱেশ কৰিলে তাকলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তাহীনতাৰ আতংকত ভূগিছে অভিভাৱকসকল । ছাত্ৰী নিবাসটোত কোনোধৰণৰ চিচি টিভি আৰু ৱাৰ্ডেনৰ ব্যৱস্থা নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে ৷
উল্লেখ্য যে, বৰ্তমানলৈকে উক্ত চুৰি কাৰ্যৰ সন্দেহত আমিনগাওঁ আৰক্ষীয়ে আটক কৰিছে এজনক ৷