মালিগাঁৱত বুলেট চোৰৰ পিঠিত ঔকিল - অসম নিউজ
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাখি থোৱা AS-01-DE-4188 নম্বৰৰ বুলেটখন লৈ উধাও হয় চোৰ
মালিগাঁৱত বুলেট লৈ উধাও গভাইত চোৰ
গুৱাহাটী, 1 জুলাইঃ মহানগৰীৰ মালিগাঁৱত ৰাইজে আটক কৰিলে বাইক চোৰ ৷ আটকাধীন চোৰক উত্তম-মাধ্যম সোধাই স্থানীয়ই ৷ উল্লেখ্য যে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাখি থোৱা AS-01-DE-4188 নম্বৰৰ বুলেটখন ৷ কিন্তু ৰাখি থোৱা বুলেটখনৰ ওচৰত কোনো নথকা প্ৰত্যক্ষ কৰি লৈ উধাও হয় চোৰটো । কিন্তু বুলেটখনৰ আধা ৰাস্তাত তেল শেষ হৈ যোৱাত ৰখিবলৈ বাধ্য হয়৷ তেতিয়াই বুলেটখন পিছা কৰা ব্যক্তিয়ে হাটে-লোটে কৰায়ত্ব কৰে চোৰটোক ৷ তাৰ পাচতে স্থানীয় ৰাইজে বিদ্যুতৰ খুঁটাত বান্ধি উত্তম-মধ্যম শোধাই সুৰজ নায়ক নামৰ চোৰটোক ৷ ঘটনা সন্দৰ্ভত ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় চোৰটোক ৷
Intro:মহানগৰীৰ মালিগাঁৱত বাইক চোৰক ৰাইজৰ।আদালতত শাস্তি প্ৰদান। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আছিল as 01 de 4184 নম্বৰৰ বুলেটখন। বুলেটখনৰ সমীপত কোনো নথকা দেখি চোৰে লৈ উধাও হয় বুলেটখন। কিন্তু দিন বেয়া আছিল বপুৰা চোৰৰ। বাইকখনৰ তেল শেষ যোৱাত আধাতে ৰখিবলৈ বাধ্য হয় চোৰটো। তাৰ পিছতেই হাতে লোটে কৰায়ত্ব কৰে গভাইত চোৰটোক। স্থানীয় ৰাইজে বিদ্যুতৰ খুঁটাত বান্ধি উত্তম-মধ্যম শোধাই সুৰজ নায়ক নামৰ চোৰটোক। একাংশ মৰেল পুলিছে কোবাই কোবাই আধামৰা কৰে চোৰটোক। পিছত ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় সুৰজক।Body:Hirul Haque Conclusion:Guwahati