ETV Bharat / state

Theft incident at Basistha: এক মুহূৰ্তৰ বাবেও ঘৰ এৰিব নোৱাৰা হৈছে মহানগৰবাসীয়ে; খাপ পিটি থাকে চোৰে - চোৰে চলাই চাফাই অভিযান

স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই মহানগৰীত চোৰৰ অবাধ টিঘিলঘিলনি ৷ এক মুহূৰ্তৰ বাবে ঘৰ এৰিলেই চোৰে চলাই চাফাই অভিযান ৷ শনিবাৰে নিশাও মহানগৰীৰ বশিষ্ঠত চোৰে চাফাই অভিযান সোণৰ গহনাসহ নগদ ধন চুৰি কৰি লৈ যায় (Theft incident at Basishta) ৷

Theft incident at Basishta
বশিষ্ঠত সোণৰ গহনাসহ ধন লৈ উধাও চোৰ
author img

By

Published : Feb 5, 2023, 12:55 PM IST

মহানগৰীত চোৰৰ অবাধ টিঘিলঘিলনি

গুৱাহাটী ৫ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা (Crime incident increases in Guwahati) ৷ মাহনগৰীৰ স্মাৰ্ট আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ আৰক্ষীক মুকলি প্ৰত্যাহ্বান কৰিছে যেন অপৰাধীয়ে ৷ মহানগৰীত প্ৰতিদিনে ইটোৰ পিচত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বহু সময়ত প্ৰশ্নৰ উত্থাপন কৰিছে ৷ চুৰি, ডকাইতি, হত্যা এতিয়া যেন সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰীত (Crime report increases in Guwahati) ৷

এইবাৰ মহানগৰীৰ বশিষ্ঠত পুনৰ চুৰিকাণ্ড সংঘটিত হৈছে (Theft incident at Basishta) ৷ শনিবাৰে নিশাৰ ভাগত স্বৰ্গপুৰৰ গৃহ নম্বৰ ৫০ ত কিছু সময়ৰ বাবে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাই চাফাই অভিযান ৷ ঘটনাৰ বিৱৰণী অনুসৰি ঘৰৰ গৃহস্থগৰাকীয়ে ঘৰৰ সকলো কাম-বন সামৰি চুবুৰীয়া এঘৰলৈ বিশেষ কামৰ বাবে গৈছিল ৷ তেওঁ যাওঁতে ঘৰৰ দুৱাৰত তলা লগাই থৈয়েই গৈছিল ৷ কিন্তু তেওঁ আহি পাই দেখে ঘৰৰ গ্ৰীলৰ লগতে দুৱাৰ খোলা হৈ আছে ৷ এই ঘটনা দেখি মহিলাগৰাকী প্ৰথমে হতবাক হয় ৷ লগে লগে তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে, তেওঁলোকৰ গড্ৰেজ খোলা হৈ থকাৰ লগত বিচনা আৰু সকলো আচবাব লণ্ড-ভণ্ড হৈ আছিল ৷

মহিলাগৰাকীয়ে জানিবলৈ দিয়ামতে তেওঁ দুয়োগৰাকী কন্যাৰ বিয়াৰ বাবে গঢ়াই থোৱা সকলো অলংকাৰৰ লগতে নগদ ধন চোৰে চুৰি কৰি লৈ যায় ৷ লগে লগে মহিলাগৰাকীয়ে বশিষ্ঠ আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰে (Basistha Police investigation) ৷ খবৰ পোৱা মাত্ৰকে বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি সোধা পোছা কৰে ৷ সম্প্ৰতি চোৰৰ সন্ধানত বশিষ্ঠ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ যদিও চোৰৰ কোনো সম্ভেদ লাভ কৰিব পৰা নাই আৰক্ষীয়ে ৷

শেহতীয়াকৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (CP Diganta Bora) এক সংবাদমেলত মহানগৰীত পৰিসংখ্যা অনুসৰি চুৰি ঘটনাৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ লোকৰ সংখ্যা বৃদ্ধি হৈছে বুলি এক মন্তব্য প্ৰকাশ কৰিছিল (Guwahati Commissioner of Police) ৷ মহানগৰীত ক্ৰমাৎ কম বয়সীয়া চোৰৰ সংখ্যা বৃদ্ধি হৈছে । 2022 বৰ্ষত মহানগৰীত 2807 টা চুৰিকাণ্ড, 1352 টা ঠগ প্ৰৱঞ্চনা গোচৰ মহানগৰীৰ আৰক্ষী থানাত ৰুজু হয় (Crime Report of Guwahati)৷

লগতে পঢ়ক: Bank Robbery in IAF base: শোণিতপুৰত বায়ুসেনা ঘাটিৰ SBI শাখাৰ পৰা 24 লাখ টকা ডকাইতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.