গুৱাহাটী, 7 আগষ্ট: শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত শংকৰদেৱ নগৰ কমপ্লেক্সত সংঘটিত হয় দুটাকৈ চুৰিৰ ঘটনা ৷ কমপ্লেক্সটোৰ লক্ষ্মী নিৱাসৰ দুটাকৈ আৱাসিক গৃহত সংঘটিত হৈছে দুয়োটা চুৰিকাণ্ড ৷ চিকিউৰিটী গাৰ্ড থকা সত্বেও ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰথমে কণিকা প্ৰভা মালাকাৰ নামৰ মহিলা গৰাকীৰ গৃহত সংঘটিত হয় চুৰিকাণ্ড ৷ মহিলাগৰাকীৰ গৃহৰ পৰা প্ৰায় ৩০ হাজাৰ টকা নগদ ধনৰ লগতে, অলংকাৰ আৰু কাহৰ বাচন আদি লৈ উধাও হয় চোৰ ৷
তাৰ পৰৱৰ্তী সময়ত কমপ্লেক্সটোৰ আন এটা গৃহতো চোৰে লুটপাত চলাই বহু মূল্যবান সামগ্ৰী লৈ যায় ৷ উল্লেখ্য যে কমপ্লেক্সটোত আছে প্ৰায় 300 টাকৈ আৱাসিক গৃহ ৷ নিশা প্ৰায় 2 বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে আৱাসী সকলে ৷ ৰাতিপুৱাৰ ভাগত আৱাসিক গৃহ দুটাৰ দুৱাৰ-খিৰিকী ভগা দেখিহে সমগ্ৰ ঘটনা সন্দৰ্ভত আৱাসী সকল অৱগত হয় ৷ ভুক্তভোগী পৰিয়াল দুটাই ইতিমধ্যে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে জালুকবাৰী আৰক্ষী চকীত ৷ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন