গুৱাহাটী,০৭ মাৰ্চঃ ৰাইজৰ দলে দেওবাৰে প্ৰকাশ কৰিলে দুজনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা । পূৰ্বে প্ৰকাশ কৰিছিল ১৭ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা। দেওবাৰে দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ।
তালিকা অনুসৰি নাওবৈচাত আজিজুৰ ৰহমান আৰু জোনাইত মাধৱ মুছাহাৰীক প্ৰাৰ্থীত্ব দিয়া হয় । উল্লেখ যে, আজিৰ সংবাদমেলতে আমছুৰ সভাপতি আজিজুৰ ৰহমানে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে আৰু যোগদান কৰিয়েই প্ৰাৰ্থীত্ব লাভ কৰে । সংবাদমেলত ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই কয়, ' জাতিদ্ৰোহী বিজেপিক প্ৰতিহত কৰাৰ বাবে অসমবাসীক সাজু হ'বলৈ আমি ৰাইজৰ দলে আহ্বান জনাইছো । বিজেপি আৰু পাঁচ বছৰ ক্ষমতাত থাকিলে অসমীয়া জাতিয়ে জাতি হিচাপে বিশ্বত পৰিচয় দিয়াৰ গৌৰৱৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে ।
ইফালে, সংবাদমেলত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি শইকীয়াই কয়,' কংগ্ৰেছে ৰাজহুৱা প্ৰতিশ্ৰুতি ভংগ কৰিছে । 'কা'ৰ বিৰোধীতাৰে কাৰাবন্দী হৈ থকা অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰা কংগ্ৰেছে অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিলে । কংগ্ৰেছে বিশ্বাসঘাটকতা কৰিলে । আমি অসমৰ স্বাৰ্থত 'কা' বিৰোধী সকলো ৰাজনৈতিক দলক বিজেপিক পৰাভূত কৰাৰ বাবে উমৈহতীয়া ৰণনীতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।' সংবাদমেলত ভাস্কো ডি শইকীয়াই কয় ৷
উল্লেখ যে, মিত্রতা থকাৰ পাছতো কেইবাটাও সমষ্টিত অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ বিপৰীতে প্ৰাৰ্থী দিছে । যাক লৈ দুয়োটা দলৰ মাজত এক সংঘাট সৃষ্টি হোৱা দেখা গৈছে ৷
লগতে পঢ়ক: তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ