ETV Bharat / state

জনতাৰ দৃষ্টি এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

author img

By

Published : Dec 16, 2020, 10:59 PM IST

প্ৰাক্তন এবছু নেতা প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাই ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিয়ে বিটিচিত যি পৰিষদ গঠন কৰি উন্নয়নৰ সপোন দেখুৱাইছে সেই সপোন, আশা-আকাংক্ষাৰ আধাৰ হ'ল বিটিআৰ চুক্তি । জানুৱাৰী মাহত (2020) কেন্দ্ৰ, ৰাজ্য, এন ডি এফ বি প্ৰমুখ্যে বড়ো নেতৃত্বৰ লগত স্বাক্ষৰিত এই দীঘলীয়া চুক্তিত স্বাভাৱিকতে আছে প্ৰতিশ্ৰুতিৰ বৰষুণ । প্ৰতিশ্রুতি ৰূপায়ণৰ আশ্বাস দি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল আৰু বিজেপিয়ে পৰিষদখন গঠন কৰিবলৈ সক্ষম হৈছে ।

the-publics-goal-now-is-to-implement-the-btr-agreement
জনতাৰ লক্ষ্য এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

গুৱাহাটী 16 ডিচেম্বৰ : প্ৰাক্তন এবছু নেতা প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাই ইউ পি পি এল, গন সুৰক্ষা পাৰ্টী আৰু বিজেপিয়ে বিটিচিত যি পৰিষদ গঠন কৰি উন্নয়নৰ সপোন দেখুৱাইছে সেই সপোন, আশা-আকাংক্ষাৰ আধাৰ হ'ল বিটিআৰ চুক্তি । জানুৱাৰী মাহত (2020) কেন্দ্ৰ, ৰাজ্য, এন ডি এফ বি প্ৰমুখ্যে বড়ো নেতৃত্বৰ লগত স্বাক্ষৰিত এই দীঘলীয়া চুক্তিত স্বাভাৱিকতে আছে প্ৰতিশ্ৰুতিৰ বৰষুণ । প্ৰতিশ্রুতি ৰূপায়ণৰ আশ্বাস দি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল আৰু বিজেপিয়ে পৰিষদখন গঠন কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, নিজে এগৰাকী স্বাক্ষৰকাৰী হৈও পৰৱৰ্তী সময়ত এই চুক্তিৰ বিৰোধিতা কৰি হাগ্ৰামা মহিলাৰীয়ে তাৰ পৰিণতি ভোগ কৰিবলগা হ'ল । সেয়ে এখন নতুন পৰিষদে মঙলবাৰে লাখ লাখ জনতাক সাক্ষী কৰি শপত লোৱাৰ পিচত দিল্লী-দিছপুৰ আৰু কোকৰাঝাৰ প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হৈ পৰিছে ।

লগতে পঢ়ক : ধানসভা নিৰ্বাচনত বিজেপি আই টি চেলৰ ভূমিকা সন্দৰ্ভত ৰাজ্যিক মুখপাত্ৰৰ সৈতে বাৰ্তালাপ

মনকৰিবলগীয়া যে, এই নতুন চুক্তিয়ে পূৰ্বৰ বি টি এডি চুক্তিৰ অস্তিত্ব নসাৎ কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চুক্তিৰে এই অঞ্চলৰ তথা অসমৰ প্ৰতিটো প্ৰান্ততে থকা বড়ো নাগৰিকৰ বিকাশৰ কথা সামৰি লৈছে । এই চুক্তিৰ ৰূপায়ণে অসমৰ আন জিলা সমূহত থকা বড়ো জনতাৰ বাবে বড়ো-কছাৰী কল্যাণ পৰিষদ গঠন কৰাৰ উপৰিও তাৰবাবে বিশেষ আৰ্থিক ব্যৱস্থাৰ পোষকতা কৰিছে ।

কাৰ্বি আংলং জিলাত থকা বড়ো সকলকো এই ব্যৱস্থাই সামৰি ল'ব । এতিয়াৰে পৰা অসমত বড়ো আৰু দেৱনাগৰী ভাষা অসমত সহযোগী ভাষা হিচাবে পৰিগণিত হ'ব । একেদৰে, বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে পৃথক সঞ্চালকালয়, বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত সাংস্কৃতিক কেন্দ্ৰ, বৰমাত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, পৃথকে ষষ্ঠ অনুসূচী বিভাগ, বড়ো আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহাৰ্য, মূলসুঁতিলৈ উভটি অহা এন ডি এফ বি সদস্যৰ কিছু সংখ্যকৰ অপৰাধৰ গোচৰ উঠাই লোৱা, বৰ্তমানৰ বি টি এডি অঞ্চলৰ বাহিৰৰ বড়ো জনগোষ্ঠীয় জনতা ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনত নতুন আইনৰ প্ৰৱৰ্তন, কেইবাটাও অঞ্চলত ক্ষুদ্ৰ জল বিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণ, তামুলপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপন, প্ৰতিটো পৰিষদীয় সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন, এখন জীৱিকা প্ৰতিষ্ঠান স্থাপন, ৰৌতাত অৰগেনিক কৃষিকৰ্ম বিশ্ববিদ্যালয়ৰ স্থাপন আদিকৈ কৰি ভালে সংখ্যক প্ৰতিশ্রুতি এই চুক্তিৰ আধাৰত ৰূপায়িত হ'ব ।

লগতে পঢ়ক : শ্বহীদৰ নামত বাগিছা উসৰ্গিত কৰিবলৈ নিৰাপত্তা বাহিনীলৈ নিৰ্দেশ গৃহ-মন্ত্ৰালয়ৰ

উল্লেখযোগ্য যে, এই চুক্তিত আছে বি টি আৰ অঞ্চলৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা, পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা আদি গুৰুত্বপূৰ্ণ বিষয়ো । আনহাতে, বৃহৎ আন্তঃগাঁঠনিৰ পোষকতা কৰা বি টি আৰ চুক্তি ৰূপায়ণৰ বাবে অহা তিনিটা বছৰত অসম চৰকাৰে 750 কোটি আৰু কেন্দ্ৰীয় চৰকাৰে 750 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে ।

মঙলবাৰে পৰিষদৰ শপত গ্ৰহণৰ সময়ত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পুঁজি ব্যয় কৰাৰ বাবে ৰাজ্য চৰকাৰ সাজু আৰু বিদ্ৰোহী সংগঠন এৰি মূলসুঁতিলৈ উভটি অহা যুবক-যুৱতীৰ প্ৰশিক্ষণ আৰু সংস্থাপনৰ বাবে মঙলবাৰে 60 কোটি টকা মোকলাই দিয়া বুলি ঘোষণা কৰিছে ।

মনকৰিবলগীয়া যে, শেহতীয়া নিৰ্বাচনক লৈ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ সময়তে বি টি আৰৰ জনতাই তীক্ষ্ণ দৃষ্টি ৰাখিছে বি টি আৰ চুক্তিৰ ৰূপায়ণৰ মূল বিষয়ৰ ওপৰত । নতুন পৰিষদে এই প্ৰক্ৰিয়া কিদৰে তৰান্বিত কৰিব সেয়াও পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব।

লগতে পঢ়ক : ডিটেনশ্যন কেম্পত থকা পত্নীৰ শোকত মৃত্য়ু স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.