ETV Bharat / state

Hot weather in Assam: উৎকট গৰমে দহিছে ৰাজ্যবাসীক - Guwahati temperature maximum

সলনি হৈছে অসমৰ বতৰ । বৃদ্ধি পাইছে গ্ৰীষ্মৰ প্ৰকোপ (Hot weather in Assam) । সোমবাৰৰ দিনটোত তাপমাত্রাই অভিলেখ সৃষ্টি কৰিলে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত । চিন্তিত বতৰ বিজ্ঞানী ।

Hot weather in Assam
গ্ৰীষ্মৰ প্ৰকোপত কোঙা ৰাজ্যবাসী
author img

By

Published : Apr 20, 2023, 1:09 AM IST

গুৱাহাটী,১৯ এপ্ৰিল: ব'হাগ মাহ আৰম্ভ হোৱাৰ লগে লগে অসমত বৃদ্ধি পাইছে গ্রীষ্মৰ প্রকোপ । ৰাজ্যত দৈনিক ঊৰ্দ্ধগামী হৈছে পাৰাস্তম্ভ । মাজ এপ্রিলতে জুন-জুলাইৰ দৰে প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । যোৱা সোমবাৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত দিনৰ তাপমাত্রাই অভিলেখ সৃষ্টি কৰিছে (Hot weather in Assam) ।

গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা ২৪ ঘন্টাত গুৱাহাটীত সর্বাধিক তাপমাত্রা আছিল ৩৭ ডিগ্রী চেলছিয়াচ, বতৰ বিজ্ঞান বিভাগে তাপমাত্ৰাৰ তথ্য সংগ্ৰহ কৰা বৰঝাৰ আৰু দিছপুৰ দুয়ো স্থানতে এই তাপমাত্রা ৰেকৰ্ড হৈছে । বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে গুৱাহাটীত বুধবাৰে সৰ্বাধিক তাপমাত্রা স্বাভাৱিকতকৈ ৬ ডিগ্রী অধিক (Temperature records in Assam) ।

কেৱল গুৱাহাটীতেই নহয়, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, ধুবুৰী, যোৰহাট, উত্তৰ লখিমপুৰ আদি চহৰতো সর্বাধিক তাপমাত্রা স্বাভাৱিকতকৈ প্ৰায় ২ৰপৰা ৬ ডিগ্ৰী চেলচিয়াছ পর্যন্ত বৃদ্ধি হৈছে । অনুৰূপ ধৰণে ন্যূনতম তাপমাত্রাও ১.৫ৰপৰা ৪.৪ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি হৈছে । অসমৰ চহৰকেইখনৰ ভিতৰত গুৱাহাটীতে তাপমাত্রা আটাইতকৈ বেছি(Guwahati temperature maximum) ।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন আন চহৰসমূহতো তাপমাত্রা স্বাভাৱিকতকৈ বৃদ্ধি পাইছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা ২৪ ঘন্টাত ডিব্ৰগড়ত সর্বাধিক তাপমাত্রা আছিল ৩৩.৪ ডিগ্রী চেলছিয়াচ, তেজপুৰত সর্বাধিক তাপমাত্রা আছিল ৩৩.৬ ডিগ্রী চেলছিয়াচ, শিলচৰত সর্বাধিক তাপমাত্রা আছিল ৩৫.২ ডিগ্রী চেলছিয়াচ, ধুবুৰীত সর্বাধিক তাপমাত্রা আছিল ৩৫.৫ ডিগ্রী চেলছিয়াচ, যোৰহাটত সর্বাধিক তাপমাত্রা আছিল ৩২.২ ডিগ্রী চেলছিয়াচ আৰু লখিমপুৰত সর্বাধিক তাপমাত্রা আছিল ৩৩.৬ ডিগ্রী চেলছিয়াচ ।

তাপমাত্রা বৃদ্ধি হৈছে যদিও এয়া অস্বাভাৱিক একো নহয় বুলি মন্তব্য কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ সঞ্জয় অ’নীল শ্বই । তেওঁ কয় যে বৰষুণ নোহোৱাৰ বাবেই তাপমাত্রা বৃদ্ধি হৈছে । বৰষুণ আৰম্ভ হ'লে তাপমাত্রা হ্ৰাস পাব । তেওঁ লগতে কয় যে অনাগত তিনিদিনমানলৈ সর্বাধিক তাপমাত্রা স্বাভাৱিকতকৈ ৪ ডিগ্ৰী পর্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

মঙলবাৰৰ নিশা অসমৰ দুই এঠাইত পাতলীয়া দুই-এজাক বৰষুণ হোৱাও পৰিলক্ষিত হয় । বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে ২০ এপ্ৰিলৰপৰা ২১ এপ্ৰিলৈকে অসমৰ বহু ঠাইত বিজুলী-ঢেৰেকনিসহ ব্ৰজপাতেৰে ঘন্টাত ৩০ ৰ‌পৰা‌‌ ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে (Storm likely in Assam) ।

লগতে পঢ়ক: World records India: আন এক অভিলেখ গঢ়িলে অসমৰ বিহুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.