গুৱাহাটী, ২২ অক্টোবৰ : ৰাজ্য চৰকাৰে এইবাৰ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত প্রায় সাত লাখ মেট্রিক টন ধান ক্রয় কৰিব । এই সম্পর্কত খাদ্য আৰু অসামৰিক যােগান আৰু গ্রাহক পৰিক্রমা বিভাগে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে । চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ধান ক্রয় প্রক্রিয়া আৰম্ভ হৈ অহা বছৰৰ ৩০ জুনত সামৰণি পৰিব ।
কৃষকসকলে প্রতি কুইণ্টল ধানৰ বিপৰীতে ১৯৪০ টকাকৈ লাভ কৰিব । ভাৰতীয় খাদ্য নিগমে ২৯ টা ক্রয় কেন্দ্ৰৰ জৰিয়তে চাৰি লাখ মেট্রিক টন, খাদ্য আৰু অসামৰিক যােগান নিগমে ২১ টা কেন্দ্ৰৰ জৰিয়তে ১.৬৩ লাখ মেট্রিক টন, ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন মহাসংঘৰ ১৭ টা কেন্দ্ৰৰ জৰিয়তে ১ লাখ ৮ হাজাৰ ৪০০ মেট্রিক টন, নাকফৰ ১২টা কেন্দ্ৰৰ জৰিয়তে ১৫,০০০ মেট্রিক টন, ১৯ চি চি এফৰ তিনিটা কেন্দ্ৰৰ জৰিয়তে ১০,০০০ মেট্রিক টন, ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ১০টা কেন্দ্ৰৰ জৰিয়তে ৩,৬০০ মেট্রিক টন ধান ক্রয় কৰা হ'ব ।
লগতে পঢ়ক:শান্তিপূৰ্ণ তথা শৃংখলাবদ্ধতাৰে আগবাঢ়িছে আলফা-চৰকাৰৰ আলোচনা : মুখ্যমন্ত্ৰী
উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্রীয় চৰকাৰৰ উপভােক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ, পৰিবেশ বন আৰু জলবায়ু পৰিৱর্তন বিভাগৰ ৰাজ্যিক মন্ত্রী অশ্বিনী কুমাৰ চৌৱেই সংবাদমেল যোগে অসমৰ কৃষকৰ পৰা এফ চি আয়ে ১০ লাখ মেট্রিক টন ধান ক্ৰয় কৰিব বুলি ঘোষণা কৰিছিল । তেওঁ জনোৱা মতে, ২০১০ চনৰ পৰা ২০১৪ চনলৈ ভাৰতীয় খাদ্য নিগমে বছৰি মাত্র ৪৭ হাজাৰ মেট্রিক টন ধানহে অসমৰ পৰা ক্রয় কৰিছিল ।
কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছত অসমত ধান ক্রয়ৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পাইছে । চলিত বর্ষত ২ লাখ মেট্রক টন ধান অসমৰ খেতিয়কৰ পৰা ক্রয় কৰা হৈছে । এই পৰিমাণ আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহযােগত ১০ লাখ মেট্রিক টনলৈ বৃদ্ধি কৰা হ'ব । অসমত ধান মজুত কৰি ৰখাৰ বাবে গুদাম নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে বুলি তেওঁ সদৰি কৰিছিল ।
লগতে পঢ়ক: পালেংবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ