ETV Bharat / state

Exchange of newborn: নৱজাতকৰ সাল-সলনিক লৈ গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালত উত্তপ্ত পৰিস্থিতি

গুৱাহাটীৰ আঠগাঁৱৰ মাৰোৱাৰী মেটাৰ্নিটী হাস্পতালত উত্তেজনা (Tension prevailed at Marwari Hospital) ৷ জন্ম দিয়া পুত্র সন্তান সলনি কৰি কন্যা সন্তান দিয়াক লৈ হাস্পতাল চৌহদত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশেষত নিশা পৰীক্ষা-নিৰীক্ষাৰ অন্তত হাস্পতাল কৰ্তৃপক্ষই নিজ সন্তানক মাতৃৰ কোলাত তুলি দিয়ে

author img

By

Published : Dec 15, 2022, 10:33 PM IST

Exchange of newborn
Exchange of newborn

গুৱাহাটী, 15 ডিচেম্বৰ: নৱজাতকৰ সাল-সলনি হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে গুৱাহাটীৰ আঠগাঁৱৰ মাৰোৱাৰী মেটাৰ্নিটী হাস্পতাল (Tension prevailed at Marwari Hospital)। জন্ম দিয়া পুত্র সন্তান সলনি কৰি কন্যা সন্তান দিয়াক লৈ হাস্পতাল চৌহদত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আজি দিনটোত এই ঘটনাকলৈ হাস্পতাল চৌহদত উত্তপ্ত হৈ থাকে । অৱশেষত নিশা পৰীক্ষা-নিৰীক্ষাৰ অন্তত হাস্পতাল কৰ্তৃপক্ষই নিজ সন্তানক মাতৃৰ কোলাত তুলি দিয়ে ।

ঘটনাৰ বিৱৰণী মতে, যোৱা ১২ ডিচেম্বৰত মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় হাজোৰ য়াছমিন বেগমক । প্ৰসূতিগৰাকীয়ে হাস্পতালখনত ১৩ ডিচেম্বৰত এটি পুত্ৰ সন্তান জন্ম দিয়ে । আজি জণ্ডিছ পৰীক্ষাৰ বাবে পুৱা মাতৃৰ কোলাৰ পৰা সন্তানটি লৈ যায় হাস্পতালখনৰ এজন কৰ্মচাৰীয়ে । দুঘণ্টামান পিছত সেই কৰ্মচাৰীজনে য়াছমিন বেগমৰ কোলাত তুলি দিয়ে এটি কন্যা সন্তান (Newborn exchange at Marwari Hospital)।

হাস্পতালখনৰ এনে কাণ্ডত হতভম্ব হৈ তীব্ৰ প্ৰতিবাদ কৰে য়াছমিনৰ লগতে তেওঁৰ স্বামী আৰু পৰিয়ালৰ লোকে (Exchange of newborn) । য়াছমিন বেগমৰ স্বামী নুৰ ইছলামে অভিযোগ কৰা অনুসৰি প্ৰথমতে তেওঁলোকৰ কথাক গুৰুত্ব নিদি কৰ্মচাৰীজনে সন্তান সলনি হোৱা নাই বুলি দাবী কৰি সন্তানটিৰ হাতত থকা ষ্টিকাৰটো দেখুৱাইছিল ।

কিন্তু য়াছমিন আৰু তেওঁৰ স্বামীৰ লগতে পৰিয়ালৰ লোক নিজৰ স্থিতিত অটল হৈ থকাত হাস্পতাল কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা কৰে । এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ লোকো হাস্পতালখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । ঘটনাটোক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে হাস্পতাল চৌহদত ব্যাপক প্ৰতিবাদ কৰাৰ লগতে নিজৰ সন্তানক দিয়াৰ দাবী জনায় (Tension prevailed for newborn exchange)।

অৱশেষত নিশা ৰক্ত পৰীক্ষা কৰাৰ অন্তত দীৰ্ঘসময় ধৰি বৰ্তি থকা অচলাৱস্থাৰ অৱসান ঘটে (Marwari Hospital in Guwahati)। হাস্পতাল কৰ্তৃপক্ষই য়াছমিন বেগমক গতাই দিয়ে তেওঁৰ পুত্র সন্তানটি । ঘটনাটো সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই । ইফালে এই ঘটনাক য়াছমিনৰ পৰিয়ালে সহজভাৱে লোৱা নাই আৰু ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ।

লগত পঢ়ক: Rumi Goswami Arrested : গ্ৰাম্য পুথিভঁৰাল কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰুমী গোস্বামীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.