গুৱাহাটী, 19 মে’ : পুৱাই প্ৰতিবাদ মুখৰ হৈ পৰিল মহানগৰীৰ বোন্দা-চপাইদাং সংযোগী ৰে’ল পথচোৱা (Tense situation at Bonda in Guwahati) ৷ ৰে’ল বিভাগৰ আজৱ কৰ্মকাণ্ডক লৈ এতিয়া খৰ্গহস্ত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ যাৰ ফলত ৰে’ল বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱাই প্ৰতিবাদত বহিল বোন্দা-চপাইদাংবাসী ৰাইজ (People protest against railway department in Bonda)৷
মহানগৰীৰ বোন্দা-চপাইদাং সংযোগী পথচোৱা ৰে’ল বিভাগে হঠাৎ বন্ধ কৰিবলৈ অহাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত সমগ্ৰ অঞ্চলটোত সৃষ্টি এক উত্তেজনাময় পৰিস্থিতি ৷ ৰে’ল বিভাগৰ এনে কাৰ্যৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল দুই শতাধিক লোক । প্ৰায় 10 সহস্ৰাধিক লোকৰ যাতায়তৰ একমাত্ৰ সম্বল এই পথটো কোনো কাৰণতে ৰে’ল বিভাগক বন্ধ কৰিবলৈ দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে, বোন্দা-চপাইদাং সংযোগী এই পথচোৱা বন্ধ কৰি দিবলৈ আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় উত্তৰ পূৱ সীমান্ত ৰে’লৱৈৰ কেইবাজনো উচ্চ পদস্থ বিষয়া ৷ কিন্তু প্ৰতিবাদী জনতাই কোনো কাৰণতে বোন্দা-চপাদাং ৰে’ল লাইনৰ পথ বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ।
ইয়াকে লৈ দুয়ো পক্ষৰ মাজত বাক বিতৰ্কৰো সৃষ্টি হয় । প্ৰতিবাদী জনতাই উন্মত্ত ৰে’লৱে ক্ৰচিঙটোত লেভেল ক্ৰছিং নতুবা উৰণীয়া সেতু দিয়াৰ দাবী জনায় । অৱশ্যে স্থানীয় ৰাইজৰ কেইবা ঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত ৰে’লৱে কৰ্তৃপক্ষই বিকল্প পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত এই পথটো বন্ধ নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক : বিভিন্ন দাবীৰে মহানগৰীত অংগনবাদী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ