ETV Bharat / state

প্ৰৱেশ দ্বাৰ নিৰ্মাণক লৈ উত্তপ্ত আমছিঙৰ যোৰাবাট

আমছিং যোৰাবাটৰ মূল পথত ভাৰতীয় সেনা বাহিনীয়ে নিৰ্মাণ কৰিবলৈ লৈছে এখন প্ৰৱেশ দ্বাৰ ৷ স্থানীয় ৰাইজৰ বিৰুদ্ধে গৈ সেনা বাহিনীয়ে নিৰ্মাণ কৰা এই কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে অঞ্চলটোৰ শ শ ৰাইজ ৷ ফলত অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি (Tens situation at Amsing Jorabat) ৷

author img

By

Published : Apr 23, 2022, 1:04 PM IST

পুনৰ উত্তপ্ত আমছিঙৰ যোৰাবাট
পুনৰ উত্তপ্ত আমছিঙৰ যোৰাবাট

গুৱাহাটী, 23 এপ্ৰিল : আকৌ উত্তপ্ত হৈ পৰিল আমছিং ৷ মহানগৰীৰ নিকটৱৰ্তী আমছিং যোৰাবাটৰ মূল পথত ভাৰতীয় সেনা বাহিনীয়ে নিৰ্মাণ কৰিবলৈ ওলোৱা এখন প্ৰৱেশ দ্বাৰক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ (Tens situation at Amsing Jorabat)। আনকি সেনা বাহিনীয়ে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰৱেশ দ্বাৰক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু সেনা বাহিনীৰ মাজত সৃষ্টি হয় বাকযুদ্ধৰ ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, সাতগাঁও সেনা চাউনিয়ে আইন শৃংখলা পৰিস্থিতিৰ দোহাই দি বলপূৰ্বকভাৱে এখন গেট নিৰ্মাণ কৰিবলৈ ওলাইছে ৷ কিন্তু এই কাৰ্যৰ বিৰোধিতাৰে ওলাই আহে শ শ স্থানীয় জনতা । উত্তেজিত জনতাই সেনাৰ এই কাৰ্যক বাধা প্ৰদান কৰিবলৈ যোৱাত দুয়োপক্ষৰ মাজত সৃষ্টি হয় তৰ্কযুদ্ধৰ ।

পুনৰ উত্তপ্ত আমছিঙৰ যোৰাবাট

পৰিস্থিতি কিছু বিষম হোৱাত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে দিছপুৰ সমষ্টিৰ বিধায়ক বিধায়ক অতুল বৰা আৰু আমছিং গাঁও পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰাক ৷ ঘটনাস্থলীত বিধায়ক অতুল বৰা (MLA Atul Bora) আৰু আমছিং গাঁও পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত গেট নিৰ্মাণৰ কাম বন্ধ ৰখাৰ আশ্বাস দিয়ে বিধায়ক অতুল বৰাই ৷

লগতে পঢ়ক : তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.