ETV Bharat / state

বিশেষ টেট পৰীক্ষাৰ দাবীৰে কাহিলীপাৰাত প্ৰতিবাদ

বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে কাহিলীপাৰাৰ সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংযোগী শিক্ষাকৰ্মীসকলে ৷

author img

By

Published : Dec 14, 2020, 7:21 PM IST

সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ
সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী, 14 ডিচেম্বৰ: সোমবাৰে সংযোগী শিক্ষাকৰ্মীসকলে কাহিলীপাৰাৰ সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সংযোগী শিক্ষাকৰ্মী সকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ "কাহিলীপাৰা চলো" শীৰ্ষক কাৰ্যসূচীৰে ৰূপায়ন কৰা প্ৰতিবাদত আজিৰ ভিতৰতে টেট পৰীক্ষাৰ দিন ধাৰ্য কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাকৰ্মীয়ে সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে ৷ শিক্ষাকৰ্মীসকলে ক্ষোভেৰে কয় যে, বিভাগে বহুত প্ৰতিশ্ৰতি দিলে ৷ বন্ধ কোঠাত আলোচনাও হ'ল বহুত ৷ সেয়ে এতিয়া ৰাজপথলৈ ওলাই আহক বিভাগীয় কৰ্তৃপক্ষ ৷ তেওঁলোকক লিখিতভাৱে কেতিয়া বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব সেই বিষয়েও জনাবলৈ কয় ৷ মানৱ সম্পদ গঢ়া শিক্ষকে আজি ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে যদিও সংশ্লিষ্ট বিভাগে কোনো গুৰুত্ব নিদিয়ে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷

বিশেষ টেট পৰীক্ষাৰ দাবীৰে কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, 2005 চনৰ পৰা চৰকাৰে ঠিকাভিত্তিকভাৱে নিযু্ক্তি প্ৰদান কৰিছিল সংযোগী শিক্ষাকৰ্মী সকলক ৷ তেতিয়াৰে পৰা তেওঁলোকে পদসমূহ নিয়মীয়াকৰণৰ বাবে দাবী জনাই আহিছিল ৷ কিন্তু বিভাগে পদ নিয়মীয়াকৰণৰ নামত কেৱল ভুৱা প্ৰতিশ্ৰুতিহে প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.