গুৱাহাটী, ২৮ জুন : গুৱাহাটীৰ পদপথৰ মানুহৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে এক আদৰণীয় পদক্ষেপ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতে গুৱাহাটীত পথত বাস কৰা আশ্ৰয়হীন লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় দিয়াৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ মঙলবাৰৰ নিশা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত সমাজ কল্যাণ বিভাগ আৰু চাইল্ড লাইনৰ বিষয়ববীয়াই উলুবাৰী আৰু পাণবজাৰৰ পৰা পথত বাস কৰা পাঁচগৰাকী লোকক উদ্ধাৰ কৰি তাৰে চাৰিগৰাকীক নৈশ আশ্ৰয় গৃহলৈ আৰু এগৰাকী মহিলাক বেলতলাৰ ৱান ষ্টপ ছেন্টাৰলৈ প্ৰেৰণ কৰে ৷
![task force operation to rescue roadside people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2023/ass-ghy-06-photo-7210450_28062023180104_2806f_1687955464_472.jpg)
বুধবাৰে জিলা আয়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়া, শীৰ্ষ আৰক্ষী বিষয়া আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকত অনাগত দহ দিনৰ ভিতৰত পথত বাস কৰা লোকসকলক উদ্ধাৰ কৰি নৈশ আশ্ৰয় গৃহলৈ অনাৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠনেৰে নিয়মীয়া অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ এই টাস্ক ফ’ৰ্চত অতিৰিক্ত জিলা আয়ুক্ত ঝৰ্ণা পাটগিৰি, লক্ষ্যজিৎ দুৱৰীয়া আৰু সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ জিলা ন’ডেল বিষয়াৰ দায়িত্বত থাকিব ৷
টাস্ক ফ’ৰ্চত অভিযান চলোৱা অঞ্চলৰ এ চি পি পৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি থকিব ৷ টাস্ক ফ’ৰ্চৰ কাম-কাজ তদাৰক, পৰামৰ্শ প্ৰদান আৰু পথত বাস কৰা লোকক আশ্ৰয়ৰ সমস্যাটোৰ স্থায়ী সমাধান উলিয়াবৰ বাবে এখন সমিতি গঠনৰো সিদ্ধান্ত লোৱা হয় ৷
লগতে পঢ়ক : Kumbhakarna: অসমৰ মুখ্যমন্ত্ৰীৰ আসনত কুম্ভকৰ্ণক দেখিছে ভূপেন বৰাই