গুৱাহাটী, 5 মে : মঙলবাৰে দেশৰ শেহতীয়া পৰিস্থিতিক লৈ এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । সংবাদমেলখনত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া স্থিতিক লৈ জোৰদাৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । লক্ ডাউনৰ সময়ত ৰাইজক প্ৰদান কৰা সাহাৰ্যৰ লগতে দৰিদ্ৰশ্ৰেণীৰ বাবে মুকলি কৰা আঁচনিসমূহত কেৱল দুৰ্নীতি সংঘটিত হোৱা বুলি মন্তব্য কৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ।
লগতে পঢ়কঃঅসমত পুনৰ COVID 19 ত আক্ৰান্ত গোৱালপাৰাৰ এজন লোক
আনহাতে এই পৰ্যন্ত যিসকল দৰিদ্ৰ লোকে সাহাৰ্য লাভ কৰা নাই তেওঁলোকক শীঘ্ৰে সাহাৰ্য প্ৰদান কৰাৰ লগতে সামগ্ৰী বিতৰণত দুৰ্নীতি নোহোৱাৰ ক্ষেত্ৰত কঠিন স্থিতি গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ কামসমূহ সঠিক নীতি নিয়ম অনুযায়ী আৰম্ভ নকৰিলে পিছৰ পৰ্যায়ত এই জনজাতিৰ মৰ্যদা কৰ্তন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে লক্ ডাউনৰ প্ৰতি জনসাধাৰণৰ বিৰোধিতা নাথাকিলেও বহু ৰাইজে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে বিশেষকৈ দিন হাজিৰা কৰা সকলৰ অৱস্থা অতি বেয়া গতিকে এই সন্দৰ্ভত চৰকাৰে উপযুক্ত পদক্ষেপ বৰ্তমানলৈ লোৱা দেখা নাই বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।