ETV Bharat / state

Superstition in Guwahati: শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক, জ্যোতিষীক

author img

By

Published : Jan 28, 2023, 1:59 PM IST

একবিংশ শতিকাতো অন্ধবিশ্বাসৰ বলি সৰ্বসাধাৰণ (Victims of superstition) ৷ শ্মশানত পূজা কৰি থাকোতেই সন্দেহ ওপজাত ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক আৰু জ্যোতিষীক (Influence of superstition at Guwahati) ৷

Influence of superstition at Guwahati
শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক

শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিকক

গুৱাহাটী, ২৮ জানুৱাৰী : পুনৰ অন্ধবিশ্বাসৰ কৱলত গুৱাহাটী (Victims of superstition) ৷ এইবাৰ মহানগৰীৰ বেতকুছিত সংঘটিত এটা অন্ধবিশ্বাসৰ ঘটনা পোহৰলৈ আহিছে । মহানগৰীৰ বেতকুছি শ্মশানত সংঘটিত হৈছে এই ঘটনাটো (Superstition in Guwahati)।

বেতকুছি আঞ্চলিক শ্মশানত নিশাৰ ভাগত পূজা কৰি থাকোতেই সন্দেহ কৰি ৰাইজে হাতে-লোটে ধৰিলে তান্ত্ৰিকৰ লগতে দুজন জ্যোতিষীক (Tantric and astrologer detained) । বহিঃৰাজ্যৰ দুজন তান্ত্ৰিকে বেতকুছি আঞ্চলিক শ্মশানত নিশা উপস্থিত হৈ সমাপন কৰি আছিল যাদু মন্ত্ৰ । স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পাছতে এই সন্দৰ্ভত সৰৱ হৈ পৰে ৷ আৰু তাৰ পাচতেই ঘটনাস্থলীৰ পৰা ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয় বহিঃৰাজ্যৰ দুই তান্দ্ৰিকক ৷ দুই তান্দ্ৰিক ক্ৰমে জমু নাথ আৰু মনি শংকৰ মিশ্ৰ বুলি জানিবলৈ পৰা গৈছে ৷ দুয়োজন পশ্চিমবংগৰ বুলি জানিবলৈ পৰা গৈছে (Tantric caught while performing puja at shamshan) ৷

জ্যোতিষী দুজন ড৹ পৰশ মণি শৰ্মা আৰু কৌশিক দাস বুলি জানিবলৈ পৰা গৈছে ৷ আৰক্ষীয়ে দুয়ো গৰাকী জ্যোতিষীক হাতে-লোটে ধৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লক্ষী নন্দন গগৈ নামৰ এজন লোকৰ ফটোৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী ৷ দীঘল চুলি, ক’লা কাপোৰ, পূজাত ব্যৱহৃত ভিন্ন সামগ্ৰীও ভণ্ড তান্ত্ৰিকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

ঘটনা সন্দৰ্ভত নিজকে জ্যোতিষী বুলি পৰিচয় দিয়া ড° পৰশমণি শৰ্মাই কয় যে, গৌতম নাথ আৰু মুনু নামৰ দুজন লোকে পূজা কৰিবলৈ উক্ত স্থানলৈ মাতি আনিছিল তান্ত্ৰিক দুগৰাকীৰ লগতে জ্যোতিষী দুজনক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰিৱেশ উত্তপ্ত হোৱা দেখি ৰাইজৰ মাজৰ পৰা পলাই যাবলৈ সক্ষম হয় মুনু গগৈ আৰু গৌতম নাথ ৷ উত্তেজিত ৰাইজে গৌতম নাথ আৰু ভণ্ড তান্ত্ৰিক দুগৰাকীয়ে ব্যৱহাৰ কৰা বাহন দুখন জব্দ কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে বুলি জানিবলৈ পৰা গৈছে । জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে AS01EV8570 আৰু AS01DT5756 ৷

উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও লখৰাৰ সৰুসজাই কাৰ্বি শ্মশানত সংঘটিত হৈছিল অনুৰূপ ঘটনা । একবিংশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ এই যুগতো একাংশ লোক এইদৰে অন্ধবিশ্বাসৰ বলি হৈ নিশা শ্মশানত ধন অথবা মনৰ বাঞ্চা সিদ্ধিৰ বাবে গ্ৰহণ কৰা এনে এলান্ধুকলীয়া চিন্তা-চৰ্চাই সচেতন ৰাইজক হতচকিত কৰি তোলাৰ লগতে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : G 20 conference connect programme: G 20 সন্মিলনৰ সৈতে সংগতি ৰাখি ধেমাজিত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.